শেহতীয়া খবৰ
ভাল খবৰঃ ভাৰতত কোৰোনাত আক্ৰান্ত ১০২ গৰাকী লোক হৈছে আৰোগ্য…  •  মুম্বাইত আৱদ্ধ কাছাৰৰ ১০ গৰাকী তীৰ্থযাত্ৰী...  •  বিক্ৰী বন্ধঃ মহানগৰীৰ ৰাজপথত ব্ৰয়লাৰ, VIDEO  •  লকডাউনত নুমলীগড়ত কৃষকৰ মাজত হাহাকাৰঃ শ শ বিঘা শস্য নষ্ট হৈছে পথাৰ...  •  নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...

পিছুওৱা হৈছে ৰূপালীম একাংক নাট প্ৰতিযোগিতাৰ দিন

37

ডিজিটেল ডেস্কঃ লংকেশ্বৰ দাস স্মৃতি ন্যাসৰ উদ্যোগত আৰু হালোগাঁও সেৱক সংঘ আৰু পুথিভঁৰালৰ সহযোগত অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে শুৱালকুছিৰ নিকটৱৰ্তী হালোগাঁৱত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ভিত্তিত শশাংক দাস সোঁৱৰণী ‘ৰূপালীম’ একাংকিকা নাট প্ৰতিযোগিতাখন অনিবাৰ্য কাৰণত পূৰ্বৰ নিৰ্ধাৰিত ১৬, ১৭ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে একে স্থানতে ২৯ ফেব্ৰুৱাৰী আৰু ১ মাৰ্চত স্থিৰ কৰা হৈছে।

পূৰ্বে প্ৰকাশিত বাতৰিৰ দ্বাৰা অসমৰ বিভিন্ন নাট্যদলে যোগাযোগ কৰিছিল যদিও পুনৰ নতুনকৈ স্থিৰ কৰা তাৰিখত যোগাযোগ কৰিবলৈ আয়োজকসকলে আহ্বান জনাইছে। উল্লেখযোগ্য যে, সকলো নীতি নিয়ম আগৰ দৰেই থাকিব। অৱশ্যে পাণ্ডুলিপি জমা দিয়াৰ দিন ২২ ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে।

ইচ্ছুক নাট্যদলসমূহক “চলচ্চিত্ৰম”, ঘৰৰ নং ২৪৭, তৃতীয় মহলা, হেঙেৰাবাৰী পথ ( মন্ত শংকৰদেৱ নামঘৰৰ সমীপত) গণেশগুৰি, গুৱাহাটী-৬ ত যোগাযোগ কৰিবলৈ আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক অমৰজ্যোতি ডেকাই জানিবলৈ দিছে। উল্লেখ্য যে, ইচ্ছুকসকলে ৮৮৭৬৫ ১৫১২৮ আৰু ৭০০২৩৮৯৩৪৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি