নগাঁৱৰ বিজেপি প্ৰাৰ্থী হ’ব বিধায়ক ৰূপক শর্মা…

নগাঁৱৰ বিজেপি প্ৰাৰ্থী হ’ব বিধায়ক ৰূপক শর্মা…
  • নগাঁও সমষ্টিৰ বাবে চূড়ান্ত হ'ল ৰূপক শৰ্মাৰ প্ৰাৰ্থিত্ব।
  • ইতিমধ্যে দলটোৰ শীৰ্ষ নেতৃত্বই এই সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • আনুষ্ঠানিকভাৱে এই কথা দলটোৱে প্ৰকাশ নকৰিলেও, ৰূপক শৰ্মাক দলৰ শীৰ্ষ নেতৃত্বই এই বিষয়ে অৱগত কৰি যাৱতীয় প্ৰস্তুতি চলোৱাৰ ইংগিত দিয়া বুলিও নিৰ্ভৰযোগ্য সূত্ৰই জানিবলৈ দিছে।
  • কিয়নো নগাঁৱৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়তহে অনুষ্ঠিত হ'লেও, ২৬ মাৰ্চত মনোনয়ন দাখিলৰ শেষ দিন।
  • এনে পৰিপ্ৰেক্ষিততে শুকুৰবাৰে শেষ নিশালৈকে বহা বিজেপি কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় যদিও, আনুষ্ঠানিক বিজ্ঞপ্তি কেৱল তেজপুৰ সমষ্টিৰ ক্ষেত্ৰত প্ৰকাশ কৰা হৈছে।
  • কিন্তু ৰূপক শৰ্মাক এই সন্দৰ্ভত ইংগিত দিয়াৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে পত্নীৰ প্ৰাৰ্থিত্বৰ আৱেদন নাকচ হোৱা বুলি জানিব পাৰি শনিবাৰে সংবাদমাধ্যমৰ আগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।
  • ৰূপক শর্মাৰ নাম ৰাজ্যিক বিজেপিয়ে প্ৰেৰণ কৰা প্ৰাৰ্থী পেনেলৰ প্ৰথমতেই আছিল যদিও, প্ৰথম অৱস্থাত তেওঁ এই নিৰ্বাচন খেলাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰা নাছিল।
  • কিয়নো তেওঁৰ সমষ্টিৰ সমৰ্থকসকলে সমষ্টিটোতেই কাৰ্যকাল সম্পূৰ্ণ কৰাতো বিচাৰিছিল।
  • এনে পৰিপ্ৰেক্ষিতত সমৰ্থকসকল শেহতীয়া এই সিদ্ধান্তক লৈ কিছু পৰিমানে অসন্তুষ্ট হ'লেও, মনোনয়ন দাখিলৰ বাবে যাৱতীয় প্ৰস্তুতি ৰূপক শৰ্মাই সম্পূৰ্ণ কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in