ৰাজপথত জাৱৰ পৰিস্কাৰ কৰাত নামিল বিধায়ক ৰূপক শৰ্মা…

ৰাজপথত জাৱৰ পৰিস্কাৰ কৰাত নামিল বিধায়ক ৰূপক শৰ্মা…

ডিজিটেল সংবাদ নগাঁও: ৰাজপথত জাৱৰ পৰিস্কাৰ কৰাত হাতে কামে লাগিল বিধায়ক ৷ পুৱাই নগাঁৱৰ ৰাজপথত দেখা গ'ল বিধায়ক ৰূপক শৰ্মাক ৷ কালি পুজা -দীপাৱলী উপলক্ষে চহৰখনত বিভিন্ন লোকে কলগছকে ধৰি বিভিন্ন আচবাব ব্যবহাৰ কৰি অপৰিষ্কাৰ কৰাৰ পিছত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত শুকুৰবাাৰে পুৱাৰ পৰা চাফাই অভিযান চলে ৷

বিধায়ক শৰ্মাৰ লগতে বিজেপিৰ কিষাণ মৰ্চাৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷ বিশেষকৈ দীপাৱলীত ব্যৱহাৰ হোৱা কলগছ সমূহ একগোট কৰি তাৰে কলাখাৰ প্ৰস্তুত কৰাৰ ব্যৱস্হা আৰু বন্যজন্তু অহাযোৱা কৰা পথত খাদ্য হিচাপে যোগান ধৰাৰ পদক্ষেপ লৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in