গেৰুকামুখত গেৰুৱা বসন পৰিধান ৰূপজ্যোতিৰঃ মুকলি হ’ল মিচিং স্বায়ত্বশাসিত পৰিষদৰ অতিথিশালা

গেৰুকামুখত গেৰুৱা বসন পৰিধান ৰূপজ্যোতিৰঃ মুকলি হ’ল মিচিং স্বায়ত্বশাসিত পৰিষদৰ অতিথিশালা

গেৰুকামুখত গেৰুৱা বসন পৰিধান ৰূপজ্যোতিৰঃ মুকলি হ'ল মিচিং স্বায়ত্বশাসিত পৰিষদৰ অতিথিশালা

ডিজিটেল সংবাদ ধেমাজি: মৰিয়নী সমষ্টিৰ বিধায়ক তথা সদ্য প্ৰাক্তন বহুবল্কী কংগ্ৰেছ নেতা ৰূপজ্যোতি কুৰ্মীয়ে সোমবাৰে পুৱা ৮ বজাত ধেমাজি জিলাৰ গেৰুকামুখৰ এন এইচ পি চিৰ অতিথিশালাত মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতত বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ ৰূপজ্যোতি কুৰ্মীক গেৰুৱা দলৰ টোপী, ফ্লেগ, কুপন আৰু ফুলাম গামোছাৰে দললৈ আদৰনী জনায় ৷ বিজেপিত যোগদান কৰিয়েই বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, বিজেপি দলত মই বহু আগতেই যোগদান কৰিব লাগিছিল বুলি উল্লেখ কৰি দলটোৰ নেতৃত্বৰ প্ৰতি আক্ৰমনাত্মক হৈ পৰে। কূৰ্মীয়ে বৰ্তমান কংগ্ৰেছ দলত একনায়কত্ববাদ চলা বুলি উল্লেখ কৰি কয়, কংগ্ৰেছ দলক ৰিপুন বৰা আৰু ৰকিবুল হুছেইনে ধ্বংস কৰিছে। কংগ্ৰেছ দলত এতিয়া মিঞা লোকসকলৰ দপদপনি চলিছে। কংগ্ৰেছ দল এতিয়া এখন ডুবন্ত নাও দৰে হৈছে পৰিছে। কংগ্ৰেছত এতিয়া খিলঞ্জীয়াৰ অস্তিত্ব নাই। এই দলটোত থাকিলে ভৱিষ্যত অন্ধকাৰ হ'ব বুলি উল্লেখ কৰি সদ্য কংগ্ৰেছ ত্যাগি বিজেপি দলত যোগদান কৰা ৰূপজ্যোতি কূৰ্মীয়ে কেংগ্ৰেছৰ ভিতৰচৰাৰ বহু কথা ৰাজহুৱা কৰিছল। বিজেপি দলত যোগদানৰ এই সভাতেই ৰূপজ্যোতি কুৰ্মীয়ে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উপহাৰ হিচাপে প্ৰদান কৰে ত্ৰিশূল ৷

ৰূপজ্যোতি কূৰ্মীৰ বিজেপিত যোগদান পৰ্বৰ এই অনুষ্ঠানত উপস্থিত থাকে ৰা্জ্যৰ শিক্ষা, ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগু, শ্ৰমমন্ত্ৰী সঞ্জয় কিষান, নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব ড° জয়ন্ত মল্ল বৰুৱা, লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ দলে আদি ৷

এই অনুষ্ঠানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গেৰুকামুখৰ এন এইচ পি চিৰ অতিথিশালাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় যোগ দিৱসত অংশ গ্ৰহন কৰে ৷ ইয়াৰ পাছতে অসমৰ ভুমিপুত্ৰ মিচিং জনগোষ্ঠীৰ আৰ্থসামাজিক উন্নয়নৰ বাবে গঠিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ পুঁজিৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পুৱা প্ৰায় ১০ বজাত গোগামুখৰ চেতিয়া গাঁৱত অৱস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰত (RLRC) চৌহদত ১ কোটি ৬৯ লাখ ৫৮ হাজাৰ টকাৰ উন্নয়নৰ পুঁজিৰে নৱনিৰ্মিত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অতিথাশালাটো শুভ উদ্বোধন কৰি এখন সভাত অংশ গ্ৰহন কৰে । সভাত মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা ১০ লাখ টকা মূখ্যমন্ত্ৰীৰ আৰোগ্য নিধিলৈ চেক যোগে প্ৰদান কৰে ৷ ইয়াৰ উপৰিও মিছিং আগম কেবাঙৰ পৰা ২০ হাজাৰ টকা সাহায্য পুঁজিলৈ প্ৰদান কৰে ৷

অতিথি শালা উন্মোচনী অনুষ্ঠানৰ আতঁধৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই ৷ ইয়াৰ পাছতে অসম চৰকাৰৰ বিগত পাঁচ বছৰীয়া কাৰ্যকালত সকলো সমষ্টিত একোখনকৈ স্বাক্ষৰ ( চিগনেশ্বাৰ্ ) প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে ১২৬ বিধায়কক আবন্টন দিয়া ধৰনেৰে ১০ কোটি টকাৰ পুঁজিৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ তদাৰকত ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুতলি গাঁও পঞ্চায়তৰ বহুমুখী প্ৰকল্পৰ স্থানত অসম চৰকাৰ দ্বাৰা নতুনকৈ নিৰ্মীয়মান দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰটো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মান কাৰ্য্যৰ বুজ লয় ।

উল্লেখ যোগ্য যে, প্ৰায় ৪০০ জন যুৱক -যুৱক-যুৱতীয়ে একে সময়তে বিভিন্ন বিষয়ত প্ৰশিক্ষণ লব পৰাকৈ নিৰ্মাণ কৰা উক্ত কেন্দ্ৰটি অহা ডিচেম্বৰ মাহত ৰাইজলৈ উচৰ্গা কৰাৰ বাবে নিৰ্মাণকাৰ্য পূৰ্ণ গতিত চলাই থকা হৈছে বুলি চায়েঙীয়াই উল্লেখ কৰে ৷ কৰ্মস্থাপনৰ অভাৱত অসমৰ লগতে ধেমাজি জিলাৰ হাজাৰ হাজাৰ যুৱক বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হোৱাৰ সময়ত উক্ত প্ৰকল্পটো সম্পূৰ্ণ হলে প্ৰতি তিনি মাহৰ মূৰে মূৰে অসমৰ ৪০০ জন যুৱক যুৱক-যুৱতীয়ে বিভিন্ন ক্ষেত্ৰত দক্ষতাৰে প্ৰশিক্ষিত হৈ নিয়োজিত নাইবা কৰ্মসংস্থাপন হোৱাৰ বাট মুকলি হব। দক্ষতা বিকাশ কেন্দ্ৰটোৰ গৰ্ভনিং বডিৰ বিষয়ববীয়া তথা মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই সভাত উল্লেখ কৰা মতে, এনে ধৰণৰ দক্ষতা বিকাশ কেন্দ্ৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এইটোৱেই প্ৰথম হিচাপে চিহ্নিত হব ৷ ধেমাজি সমষ্টিত এইদৰে গুৰুত্ব পুৰ্ণ দক্ষতা বিকাশ কেন্দ্ৰ প্ৰতিষ্ঠা কৰি নতুন প্ৰজন্মক আত্মসংস্থাপনৰ জৰিয়তে অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাৰ বাট মুকলি কৰাৰ লগতে সুদুৰপ্ৰসাৰি এনে প্ৰকল্প ধেমাজি বাসীক উপহাৰ দিয়াৰ বাবে ৰাইজে ডা° ৰণোজ পেগুক প্ৰসংশা কৰিছে।

ইয়াৰ পাছতে মূখ্যমন্ত্ৰীয়ে ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিয়লি প্ৰায় ১ বজাত ধেমাজি উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ধৰি জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহন কৰে ৷ মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ধেমাজিৰ মেডিকেল কলেজৰ মাটিৰ কাম অহা জুলাই মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ধেমাজিৰ উপায়ুক্তক নিৰ্দেশ দিয়ে ৷ বানপানীত ক্ষতিপূৰণৰ ব্যৱস্থা এতিয়াৰে পৰা ধেমাজি জিলা উপায়ুক্তই কৰিব পাৰিব বুলি উল্লেখ কৰি বানপানীৰ সময়ত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ কোভিডৰ পৰিস্থিতিৰ বাবে আজিৰে পৰা হোৱা গন টিকাকৰণত সকলোৰে অংশগ্ৰহন আৰু সজাগ হৈ থাকিবলৈ ৰাইজক আহবান জনায় ৷ ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে উপায়ুক্তৰ সভাকক্ষতে অনুষ্ঠিত হোৱা সংবাদমেলত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে সভাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ধেমাজি মডেল ভেকচিন চেন্টাৰ ভ্ৰমনৰ সময়ত জড়িত হৈ থকা ধেমাজি মহকুমাৰ স্বাস্থ্য বিষয়া তথা মেডিচিন বিভাগৰ চিকিৎসক ডাঃ পি. এন দেউৰীৰ কৰ্তব্যৰ মাজতে তেওঁৰ স্বাস্থ্য হঠাতে বেয়া হোৱাত ক'ভিড পৰীক্ষা কৰাত পজিটিভ চিনাক্ত হোৱা ঘটনাইয়ে এতিয়া ধেমাজিত চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলৰ লগতে ৰাইজৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in