ৰুণীখাতাত গোৰ্খা সকলৰ চতুৰ্থ কেন্দ্ৰীয় তিহাৰ সমাৰোহ, গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টিৰ দল, নৃত্য-গীতেৰে জীপাল ৰুণীখাতা

ৰুণীখাতাত গোৰ্খা সকলৰ চতুৰ্থ কেন্দ্ৰীয় তিহাৰ সমাৰোহ, গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন কলা কৃষ্টিৰ দল, নৃত্য-গীতেৰে জীপাল ৰুণীখাতা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ "চতুৰ্থ সংখ্যক কেন্দ্ৰীয় তিহাৰ সমাৰোহ'' শনিবাৰে বিটিএডিৰ চিৰাং জিলাৰ ৰুণিখাতাস্থিত টেনজিং ক্লাৱ খেলপথাৰত দিনযোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ এই উপলক্ষে কেন্দ্ৰীয় তিহাৰ সমাৰোহৰ বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰ মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধনৰে সাংস্কৃতিক সন্ধিয়াৰ শুভাৰম্ভ কৰে মুখ্য অতিথি তথা বিটিচিৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে।

অনুষ্ঠানত ছিক্কিমৰ পৰা আমন্ত্ৰিত অতিথি তথা ছিক্কিম চৰকাৰৰ জনসংযোগ বিষয়া বিষ্ণু ৰানা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ সভাপতি প্ৰেম তামাং, বিটিএডি ক্ষেত্ৰীয় আগছুৰ সভাপতি জন চৌহান, আদিবাসী নেতা সুৰেশ হাচদা, সদৌ অসম গুৰুং মহাসভাৰ সভাপতি হৰ্ক বাহাদুৰ, চিৰাং জিলাৰ আগছুৰ নেতা শ্যাম ছেত্ৰীৰ উপৰি ৰুণীখাতা তিহাৰ সমাৰোহৰ সভাপতি, সম্পাদক ক্ৰমে বল বাহাদুৰ ঠাকুৰী, সম্পাদক চিত্ৰ ৰানা মগৰ আদিয়ে অংশ গ্ৰহণ কৰে৷

ইয়াৰোপৰি শনিবাৰৰ সমাৰোহখনত অসম গোৰ্খা সন্মিলনৰ সম্পাদক নন্দ লাল ৰাণা মগৰে চিৰাং জিলাৰ ৰুণীখাতাত চতুৰ্থবাৰৰ বাৱে আয়োজন কৰা তিহাৰ সমাৰোহৰ মাধ্যমেৰে গোৰ্খা জনগোষ্ঠীৰ কলা-সংস্কৃতিক নতুন প্ৰজন্মৰ সন্মুখত পৰিচয় কৰি দিয়াৰ লগতে জীয়াই ৰখাৰ প্ৰচেষ্টাৰে তিহাৰ সমাৰোহৰ আয়োজন কৰা হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ আনপিনে সমাৰোহত বিভিন্ন ক্ষেত্ৰত নিজ নিজ কৰ্মৰ জৰিয়তে সমাজ জীৱনলৈ বিশেষ অৰিহণা যোগোৱা কেবা গৰাকীও ব্যক্তিলৈ বঁটা প্ৰদানৰ লগতে সম্বৰ্ধনা জনোৱা হয়৷ উল্লেখ্য যে, সমাৰোহত মুখ্য আকৰ্ষণ হিচাবে মঞ্চ শুৱনি কৰে সুদুৰ নেপালৰ পৰা অহা চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় কন্ঠশিল্পী মেলিনা ৰাই আৰু ৰেছমা পুন মগৰে৷ তদুপৰি মঞ্চত গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন নৃত্য-গীত প্ৰৰ্দশন কৰা হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in