বেংকৰ ঋণ ৰেহাই সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ, কি ক’লে বন্ধন বেংক কৰ্তৃপক্ষই…

বেংকৰ ঋণ ৰেহাই সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ, কি ক’লে বন্ধন বেংক কৰ্তৃপক্ষই…

ডিজিটেল ডেস্কঃ বেংকৰ ক্ষুদ্ৰ ঋণ ৰেহাই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত বহুকেইটা ভুৱা ভিডিঅ' আৰু পোষ্ট ইতিমধ্যে প্ৰচাৰ হৈ আহিছে৷ কিন্তু ঋণ ৰেহাই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা এই বাতৰিসমূহৰ কোনো সত্যতা নাই বুলি বন্ধন বেংক কৰ্তৃপক্ষই সদৰি কৰিছে৷ প্ৰকৃততে চৰকাৰ আৰু ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নিৰ্দেশনা অনুসৰি বেংকৰ গ্ৰাহকক কিছু সাময়িক স্থগিতাদেশহে জাৰি কৰিছে, অৰ্থাৎ ঋণ দিয়াৰ ক্ষেত্ৰত কেৱল ঋণৰ কিস্তি পৰিশোধ কৰাতহে স্থগিতাদেশ ৰাখিছে কৰ্তৃপক্ষই৷ কিন্তু ইয়াৰ অৰ্থ ঋণ ৰেহাই নহয়৷

সাময়িকভাৱে স্থগিত ৰখা মাহকেইটাত সুদ বাকী থকা ঋণৰ পৰিমাণত সঞ্চিত সুদ ৰূপত অব্যাহত থাকিব৷ গ্ৰাহকে বাকী থকা ঋণৰ কিস্তিত নিয়মিত সুদৰ লগতে সঞ্চিত সুদ পৰিশোধ কৰিব লাগিব৷ তদুপৰি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ লগতে ক্ষুদ্ৰ ঋণৰ সাময়িক স্থগিতাদেশৰ ক্ষেত্ৰত বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানেও ইতিমধ্যে ঘোষণা কৰিছে৷ গ্ৰাহকৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখিহে বেংকে এই সুবিধা প্ৰদান কৰিছে৷

সেয়েহে ঋণ ৰেহাইৰ দৰে ভুৱা বাতৰিত বিশ্বাস নকৰিবলৈ বেংকে গ্ৰাহকসকলক অনুৰোধ জনায়৷ কিয়নো ঋণৰ কিস্তি ৰেহাই দিয়া বুলি ভাবি গ্ৰাহকে ঋণ পৰিশোধ নকৰাকৈ থাকিলে পাছলৈ অধিক সুদ পৰিশোধ কৰাৰ লগতে গ্ৰাহকৰ ক্ৰেডিট স্ক্ৰ'ৰৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকে৷ পৰৱৰ্তী সময়ত ঋণ লোৱাৰ ক্ষেত্ৰত অসুবিধাৰ কাৰণ হোৱাৰ এইটোও এটা কাৰক হ'ব পাৰে৷ গতিকে ভুৱা বাতৰিৰ পৰা সাৱধানে থাকি ঋণ পৰিশোধৰ সাময়িক স্থগিতাদেশৰ সুবিধা লোৱাৰ লগতে সঠিক সময়ত সুবিধা অনুসৰি ঋণ পৰিশোধ কৰি বেংকৰ সৈতে সহযোগিতাৰ আশা কৰিছে বেংক কৰ্তৃপক্ষই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in