ৰূদ্ৰসাগৰত শিশু সকলৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ

ৰূদ্ৰসাগৰত শিশু সকলৰ মাজত খাদ্য সামগ্ৰীৰ বিতৰণ

ডিজিটেল ডেস্কঃ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডৰ অন্তৰ্গত ঐতিহাসিক পুৰণি পুখুৰীপাৰস্থিত ৰূপহী বিল বনগাঁও প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক শিক্ষক আৰু পৰিচালনা সমিতিয়ে বিতৰণ কৰিলে খাদ্য সামগ্ৰী। ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়াল যাতে লকডাউনৰ এই সময়চোৱাত খাদ্যৰ সংকটত নপৰে তাৰ ওপৰত গুৰুত্ব দিয়ে বিতৰণ কৰা হয় খাদ্য সামগ্ৰী।

বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি মুকুণ্ড মাধৱ শৰ্মা, প্ৰধান শিক্ষয়িত্ৰী দিপিকা দাস, শিক্ষক আতামুদ্দিন আহমেদৰ উপস্থিতিত বিদ্যালয়ৰ খনৰ ছাত্ৰ ছাত্ৰীৰ সকল আৰু অভিভাৱকৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়। চাউল, দাইল, আলু্, পিঁয়াজ, মিঠাতেল, বিস্কুট, ডেটল আদি বিতৰণ কৰাৰ লগতে সকলোকে ঘৰতে সজাগ, সচেতনতাৰে পৰিষ্কাৰ হৈ থাকিবলৈ আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in