শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

‘এমাজন’ত অক্টোবৰৰ পৰা পাব আৰ এছ এছৰ গোমূত্ৰ-গোবৰৰ চাবোন, টুথপেষ্ট

372

ডিজিটেল ডেস্কঃ আপুনি কি চাবোন ব্যৱহাৰ কৰে? কোনটো কোম্পানীৰ ফেচপেক কিনে? আগতে কি চাবোন, ফেচপেক ব্যৱহাৰ কৰিছিল সেয়া এতিয়া অতীত হ’বৰ হ’ল। আপোনাৰ অভ্যাস সলনি কৰি পৌৰাণিক নতুনত্বৰ সন্ধান পাবলৈ অচিৰেই ক্ৰয় কৰিব পাৰিব গোমূত্ৰ আৰু গোবৰৰে প্ৰস্তুত কৰা চাবোন, ফেচপেক আৰু একাধিক প্ৰসাধন সামগ্ৰী।

এই বিশেষ চাবোন, ফেচপেক আদি ক্ৰয় কৰিবলৈ দোকানলৈ যোৱাৰো প্ৰয়োজন নাই। ঘৰতে বহি এমাজনত অৰ্ডাৰ দিলেই সকলো পদূলিতে লাভ কৰিব পাৰিব। আপোনাক এই বিশেষ সেৱা আগবঢ়াবলৈ প্ৰায় সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে উত্তৰ প্ৰদেশৰ আৰ এছ এছ পৰিচালিত এটি প্ৰতিষ্ঠানে।

প্ৰতিষ্ঠানটোৱে মোডী আৰু যোগী কুৰ্তাও আমাজনত বিক্ৰী কৰিব বুলি জনাইছে। এমাজনযোগে গোবৰ আৰু গোমূত্ৰৰে প্ৰস্তুত কৰা চাবোন, ফেচপেক, প্ৰসাধন সামগ্ৰী বিক্ৰী কৰিবলৈ সাজু হোৱা প্ৰতিষ্ঠানটোৰ নাম দীন দয়াল ধাম। অহা অক্টোবৰৰ পৰাই প্ৰতিষ্ঠানটোৱে ৩০ বিধ এনে সামগ্ৰীৰ অনলাইন বিক্ৰী আৰম্ভ কৰিব।

আৰ এছ এছৰ মুখপাত্ৰ অৰুণ কুমাৰে জনোৱা মতে, প্ৰতিষ্ঠানটোৱে প্ৰস্তুত কৰা গোমূত্ৰ-গোবৰৰ চাবোন, ফেচপেকৰ লগতে গোমূত্ৰ আৰু মেথিগুটিৰে প্ৰস্তুত কৰা কামধেনু আৰ্ক, টুথপেষ্ট, চেম্পু আৰু বহুমূত্ৰ ৰোগৰ ঔষধো আমাজনত উপলব্ধ হ’ব। ইয়াৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ নিৱনুৱাসকলক সংস্থাপনৰো পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে কুমাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি