ৰে’ল বিভাগত ওলাইছে চাকৰিঃ মেট্ৰিক পাছ প্ৰাৰ্থীয়েও কৰিব পাৰিব আৱেদন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ৰে'লৱে বিভাগৰত পুনৰওলাইছে বহু কেইটা পদৰ বাবে চাকৰি। ছাউথাৰ্ণ ৰেল'ৱেত মুঠ ৬৬৭টা পদৰ বাবে ওলাইছে এইচাকৰিৰ সুযোগ। ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক আৰু অন্যান্য পদৰ বাবেআৱেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে।

এই পদসমূহত আৱেদন কৰাৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ, ২০১৯। মেট্ৰিক পাছ আৰু আই টিআই পঢ়া প্ৰাৰ্থীসকলে এই পদসমূহত কৰিব পাৰিব আৱেদন। উল্লেখ্য যে, আৱেদন প্ৰক্ৰিয়াসম্পূৰ্ণভাৱে অনলাইনযোগে হ'ব। যদি আপোনোলাকেও এই পদৰ বাবে আৱেদন কৰিব বিচাৰেতেন্তে তলত এই সন্দৰ্ভত উল্লেখ কৰা হ'ল-

পদৰ নামঃ ফিটাৰ, ৱেল্ডাৰ, ইলেক্ট্ৰিচিয়ান, মেকানিক আৰু অন্যান্য।

মুঠ পদৰ সংখ্যাঃ ৬৬৭টা।

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে মেট্ৰিক পাছ কৰাৰ লগতে আই টি আই পঢ়া হ'ব লাগিব। অৱেশ্যে কেইটামান পদৰ বাবে দ্বাদশ শ্ৰেণী পাছ হোৱাতো প্ৰয়োজনীয়।

বয়সঃ আৱেদনকাৰীসকলেৰ বয়স ১৫ৰ পৰা ২৩ বছৰৰ ভিতৰত হ'ব লাগিব।

আৱেদন মাচুলঃ ১০০ টকা।

উল্লেখযোগ্য যে, মেট্ৰিক আৰু আই টি আইত প্ৰাপ্ত নম্বৰৰ আধাৰত মেৰিট লিষ্টপ্ৰস্তুত কৰা হ'ব। এই পদসমূহৰ বাবে কোনো ধৰণৰ পৰীক্ষা নহয়। আৰু এই পদসমূহত আৱেদনকৰিবলৈ srindianrailways.gov.in ৱেবছাইটত ক্লিক কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in