ৰেল বিভাগত চাকৰিৰ সুযোগ! আৰম্ভ আৱেদন প্ৰক্ৰিয়া…

ৰেল বিভাগত চাকৰিৰ সুযোগ! আৰম্ভ আৱেদন প্ৰক্ৰিয়া…

ডিজিটেল ডেস্কঃ ৰেলৱে বিভাগে দেশৰ নাগৰিক যুৱক-যুৱতীসকলৰ বাবে লৈ আহিছে এক সুখবৰ। যিসকলেচৰকাৰী চাকৰিৰ বাবে আৱেদন কৰি আছে তেওঁলোকৰ বাবে এইটো এটি ভাল সুযোগ। কিয়নো ৰেলৱেতএছিচটেন্ট ল'ক' পায়লট (এ এল পি) আৰু টেকনিছিনায়ৰ মুঠ ৩০৬টা পদত দিয়া হ'ব চাকৰি।

ইয়াৰে এ এল পিৰ ৮৫ টা আৰু টেকনিছিয়ানৰ ২২১টাঅন্তৰ্ভুক্ত আছে। এই পদসমূহত নিবনুৱা প্ৰাৰ্থীসকলে অনলাইনযোগে আৱেদন কৰিব পাৰে।উল্লেখ্য যে, এই পদসমূহত আৱেদন কৰাৰ অন্তিম তাৰিখ ১১ নবেম্বৰ। আৰু এই পদসমূহতআৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে মেট্ৰিক পাছ কৰিব লাগিব। লগতে প্ৰয়োজন হ'ব আই আই টিৰ।যদি আপোনালোকে এই পদসমূহত আৱেদন কৰিব বিচাৰে তেন্তে এই সন্দৰ্ভত তলত উল্লেখ কৰাহ'ল-

পদৰ নাম আৰু সংখ্যাঃ

এছিচটেন্ট ল'ক' পায়লট- ৮৫টা।

টেকনিছিয়ান- ২২১টা।

মুঠ পদ- ৩০৬টা।

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈপ্ৰাৰ্থীসকলে মেট্ৰিক পাছ কৰা হ'ব লাগিব। তদুপৰি পদ অনুসৰি শিক্ষাগত অৰ্হতাও পৃথকহ'ব। এই সন্দৰ্ভত আৰু অধিক জানিবলৈ অফিচিয়েল নটিফিকেশ্যন চাব পাৰে।

বয়সৰ সময়সীমাঃ এই পদত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স১৮ৰ পৰা ৪২ বছৰৰ ভিতৰত হ'ব লাগিব। অ' বি চি প্ৰাৰ্থীসকলৰ বাবে ৩ বছৰ আৰু এছ টি, এছচি প্ৰাৰ্থীৰ বাবে ৫ বছৰ বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

কেনেদৰে কৰা হ'ব নিৰ্বাচনঃ প্ৰাৰ্থীসকলৰকম্পিউটাৰ সম্পৰ্কীয় পৰীক্ষা, প্ৰ-পত্ৰ পৰীক্ষা আৰু মেডিকেল পৰীক্ষাৰ আধাৰতনিৰ্বাচন কৰা হ'ব।

ক'ত কৰিব আৱেদনঃ ইচ্ছুকসকলে অফিচিয়েল ৱেবছাইট www.rrc-wr.comত অনলাইনযোগে কৰিব পাৰিব আৱেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in