ভাল খবৰঃ ৰে’ল বিভাগত ওলাইছে চাকৰি, মেট্ৰিক পাছ প্ৰাৰ্থীয়ে কৰিব পাৰিব আৱেদন…

ভাল খবৰঃ ৰে’ল বিভাগত ওলাইছে চাকৰি, মেট্ৰিক পাছ প্ৰাৰ্থীয়ে কৰিব পাৰিব আৱেদন…

ডিজিটেল ডেস্কঃ যদি আপোনালোকে চৰকাৰী চাকৰি বিচাৰি আছে নেকি? যদি আছে তেন্তে আপোনালোকৰ বাবেৰেল বিভাগে আগবঢ়াইছে এটা ভাল সুযোগ। ৰেলৱে অপ্ৰেন্টিৰ অধীনত বিভিন্ন পদৰ বাবেআৱেদন লৈ থকা হৈছে। মুঠ ২০২৯টা পদৰ বাবে আৱেদন গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে, এই পদসমূহত আৱেদন কৰাৰ অন্তিমতাৰিখ ৮ ডিচেম্বৰ, ২০১৯। এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে মেট্ৰিক পৰীক্ষাআৰু আই টি আই পাছ কৰা হ'ব লাগিব। যদি আপুনিও এই পদত আৱেদন কৰিব বিচাৰে তেন্তে তলতএই পদসমূহৰ বিষয়া উল্লেখ কৰা হ'ল-

মুঠ পদৰ সংখ্যাঃ ২০২৯টা।

শিক্ষাগত অৰ্হতাঃ আৱেদনকাৰীসকলে মেট্ৰিক আৰু আই টি আই পাছ কৰা হ'ব লাগিব।

বয়সঃ আৱেদনকাৰীৰ বয়স ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি, এছ টি আৰু অ বি চিৰ বাবে নিয়মানুসৰি বয়সৰ সময়সীমা বৃদ্ধি কৰা হৈছে।

আৱেদন মাচুলঃ এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীয়ে জমা দিব লাগিব ১০০ টকা।

এই পদসমূহত আৱেদন কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলে rrcjaipur.in ৱেবছাইটত চাব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in