ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ…

ভাল খবৰ! ৰে’লৱে বিভাগত ওলাইছে চাকৰি, সবিশেষ…

ডিজিটেল ডেস্কঃ দেশৰ নিবনুৱাসকলৰ বাবে ৰেল বিভাগে লৈ আহিছে এক সুখবৰ। ৰেলৱে ভৰ্তি ব'ৰ্ডে ১ লাখ ৩০ হাজাৰ পদৰ বাবে জাননী জাৰি কৰিছে। এই পদসমূহ ন'ন্ টেকনিকেল পপুলাৰ কেটেগৰী চমুকৈ এন টি পি চি আৰু লেভেল-১ পদৰ বাবে। ৰেলৱেত এই পদসমূহত ভৰ্তি প্ৰক্ৰিয়া দ্বাৰা আৰ আৰ বিয়ে চাৰিটা ভাগত বিভিন্ন পদৰ বাবে যোগ্য যুৱক-যুৱতীক নিৰ্বাচন কৰা হ'ব।

এই পদসমূহত আবেদন কৰিবৰ বাবে জেনেৰেল আৰু অ' বি চি প্ৰমাণপত্ৰ থকাসকলে ৫০০ টকা আৰু এছ চি-এছ টিৰ প্ৰমাণপত্ৰ থকা সকলে ২৫০টকাকৈ এপ্লিকেশ্যন ফিছ দিব লাগিব। ইফালে, অনলাইন আৱেদন (এনটিপিচি), বিজ্ঞাপন সংখ্যা- ১/২০১৯ৰ বাবে ২৮ ফেব্ৰুৱাৰীৰ পৰা, অনলাইন আৱেদন (পেৰা মেডিকেল), বিজ্ঞাপন সংখ্যা- ২/২০১৯ৰ বাবে ৪ মাৰ্চৰ পৰা, অনলাইন আৱেদন (মিনিষ্টীৰিয়েল তথা আইছ'লেটেড), বিজ্ঞাপন সংখ্যা- ৩/২০১৯ৰ বাবে ৪ মাৰ্চৰ পৰা আৰু অনলাইন আৱেদন (লেভেল-১), বিজ্ঞাপন সংখ্যা- ১/২০১৯ৰ বাবে ১২ মাৰ্চৰ পৰা সময় নিৰ্ধাৰণ কৰা হৈছে।

ৰেলৱে বিভাগৰ ক'ত কিমান পদত নিযুক্তি-

মুঠ পদঃ প্ৰায় ১লাখ ৩০হাজাৰ।

এন টি পি চি, পেৰা মেডিকেল আৰু মিনিষ্টীৰিয়েল তথা আইছ'লেটেডঃ ৩০ হাজাৰ পদ।

লেভেল-১ৰঃ ১ লাখ পদ।

পদসমূহৰ বিৱৰণ-

ন'ন্ টেকনিকেল কেটেগৰীৰ ভিতৰত আছে টিকট কালেক্টৰ, টিটিই, এ এছ এম (এছিছটেন্ট ষ্টেচন মাষ্টাৰ), টাইপিষ্ট, গাৰ্ডৰ দৰে পদসমূহ ভৰ্তি কৰা হ'ব। ৰিপৰ্ট অনুসৰি ২৮ ফেব্ৰুৱাৰী, ২০১৯ৰ পৰা এই পদসমূহৰ বাবে অনলাইন যোগে আৱেদন কৰিব পাৰিব প্ৰাৰ্থীসকলে। আনহাতে, দ্বিতীয় শ্ৰেণীত পেৰা মেডিকেল ষ্টাফৰ পদৰ বাবে অহা ৪ মাৰ্চৰ পৰা অনলাইনযোগে আৱেদন কৰিব পাৰিব।

তৃতীয় শ্ৰেণীত মিনিষ্ট্ৰিয়েল পদ যেনে- জুনিয়ৰ ট্ৰান্সলেটৰ, জুনিয়ৰ ট্ৰান্সলেটৰ, ল' এছিছটেন্ট আদি পদৰ বাবেও ৪ মাৰ্চৰ পৰা আৱেদন কৰিব পাৰিব অনলাইনযোগে। আৰু চতুৰ্থ শ্ৰেণীত টেকনিকেল পদসমূহ যেনে জুনিয়ৰ ইঞ্জিনীয়াৰ, গেংগমেন, গেট মেন পদৰ বাবে নিযুক্তি কৰা হ'ব। প্ৰাৰ্থীসকলে এই পদসমূহৰ বাবে ১২ মাৰ্চৰ পৰা আৱেদন কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in