ভাল খবৰঃ মেট্ৰিক পাছ নিবনুৱাসকলৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি…

ভাল খবৰঃ মেট্ৰিক পাছ নিবনুৱাসকলৰ বাবে ৰেল বিভাগত ওলাইছে চাকৰি…

ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিৰ বাবে ইচ্ছুক নিবনুৱা সকলৰ বাবে ৰেল মন্ত্ৰালয়ে ৰেল ক'চ ফেক্টৰীত ওলাইছে চাকৰি। প্ৰায় ৪০০ পদৰ বাবে আৱেদন গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আৰু এই পদসমূহত আৱেদন কৰাৰ অন্তিম তাৰিখ হৈছে ৬ ফেব্ৰুৱাৰী, ২০২০।

এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আইটিআই চাৰ্টিফিকেটো থাকিব লাগিব আৱেদনকাৰীসকলৰ। যদি আপোনালোক এই পদত আৱেদন কৰিবলৈ ইচ্ছুক তেন্তে তলত এই সন্দৰ্ভত উল্লেখ কৰা হৈছে-

পদৰ নামঃ ফিটাৰ, ৱেল্ডাৰ, মেচিনিষ্ট, পেইন্টাৰ, কাৰপেন্টাৰ, মেকানিক, ইলেক্ট্ৰিচিয়ান, ইলেক্ট্ৰ'নিক মেকানিক, এচি আৰু ৰেফ্ৰিজৰেটৰ মেকানিক।

মুঠ পদৰ সংখ্যাঃ ৪০০টা।

শিক্ষাগত অৰ্হতাঃ এই পদসমূহত আৱেদন কৰিবলৈ প্ৰাৰ্থীসকলে মেট্ৰিক পাছ কৰা হ'ব লাগিব। লগতে আইটিআই পঢ়া হ'ব লাগিব।

বয়সঃ আৱেদনকাৰীসকলৰ বয়স ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ'ব লাগিব। বয়সৰ গণনা ০৮-০১-২০২০ তাৰিখৰ ভিত্তিত কৰা হ'ব।

উল্লেখ্য যে, এই পদসমূহত বাচনি কৰিবৰ বাবে কোনোলিখিত পৰীক্ষা নহয়। প্ৰাৰ্থীসকলৰ বাচনি মেৰিট লিষ্টৰ আধাৰত কৰা হ'ব।

কেনেকৈ কৰিব আৱেদনঃ ইচ্ছুক তথা যোগ্য প্ৰাৰ্থীসকলে rcf.indianrailways.gov.in ৱেবছাইটোলৈ গৈ এই পদসমূহৰ বাবে কৰিব পাৰিব আৱেদন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in