ট্ৰেইলাৰ নহয়, এইবাৰ চিনেমা দেখুৱাম, ভিলেইন হ’ব হিমন্ত বিশ্ব শৰ্মাঃ আৰ পি শৰ্মা

ট্ৰেইলাৰ নহয়, এইবাৰ চিনেমা দেখুৱাম, ভিলেইন হ’ব হিমন্ত বিশ্ব শৰ্মাঃ আৰ পি শৰ্মা

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনত তেজপুৰত টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতে তেজপুৰৰ বৰ্তমানৰ সাংসদ তথা জ্যেষ্ঠ বিজেপি নেতা আৰ পি শৰ্মাই কপাঁই তুলিছিল বিজেপিৰ ভিতৰ ভাগ। যাৰ পৰিণতিতে ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টিকটৰ পৰা বঞ্চিত হ'ব লগা হ'ল বুলি দাবী কৰে আৰ পি শৰ্মাই। যোৱা ২৪ মাৰ্চত সংবাদমাধ্যমৰ সন্মুখত সাংসদগৰাকীয়ে প্ৰাৰ্থীৰ পেনেলত নাম নোযোৱাক লৈ ক্ষোভ ব্যক্ত কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে হিমন্ত বিশ্ব শৰ্মাৰ দলৰ সন্দৰ্ভত থকা জ্ঞানৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

ইয়াৰ পিছতে সোমবাৰেও পুনৰ এই বিজেপিৰ এই নেতাকেইজনৰ বিৰুদ্ধে সৰৱ হয় আৰ পি শৰ্মা। সাংসদ গৰাকীয়ে আজি সংবাদমাধ্যমৰ সন্মুখত কয়- ' মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা শংকিত, যাৰ বাবে মনোনয়ন দাখিল পৰ্বত তেওলোকে অংশ লৈ ফুৰিছে।' ইমানতে ক্ষান্ত নাথাকি সিঙে লগতে কয়- বিজেপিক পকেটত লৈ ফুৰা হিমন্ত বিশ্ব শৰ্মা, ৰাম মাধৱ, ৰঞ্জিত দাস, ফণী শৰ্মাৰ বিৰুদ্ধে মাত মাতি যাম। পুৰণি কৰ্মীক একত্ৰিক কৰি বিজেপিক নতুনকৈ গঢ়িম। আজিৰে পৰাই সমগ্ৰ অসম ঘূৰি ইয়াৰ বাবে ব্যৱস্থা ল'ম। এইবাৰ ট্ৰেইলাৰ নহয়, চিনেমা দেখুৱাম। আমি পুৰণি বিজেপি কৰ্মী, হিৰ' হ'ম, ভিলেইন হ'ব হিমন্ত বিশ্ব শৰ্মা।' সোমবাৰে ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে আৰ পি শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in