‘হিমন্তক মই নচুৱাই আছো, উজুটি খালেও হিমন্তই আৰু বহুত নাচিব লাগিব’

‘হিমন্তক মই নচুৱাই আছো, উজুটি খালেও হিমন্তই আৰু বহুত নাচিব লাগিব’

ডিজিটেল ডেস্কঃ তেজপুৰ লোকসভা সমষ্টিত বিজেপিৰ হৈ টিকট লাভ নকৰাৰ পাছত বৰ্তমানৰ সাংসদ আৰ পি শৰ্মাই ৰাজ্যিক বিজেপিক যথেষ্ট সমালোচনা কৰা পৰিলক্ষিত হৈছিল। বহু সময়ত বিভিন্ন বিস্ফোৰক মন্তব্যৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল আৰ পি শৰ্মাই। কিন্তু শেহতীয়াকৈ এই সকলো বাক বিতণ্ডা ত্যাগ কৰি নিজ কৰ্মত মনোনিৱেশ কৰিছে সাংসদ গৰাকীয়ে।

ৰাজনীতিৰ পথাৰত পৰা কিছু আতৰি আহি সোমবাৰে আৰ পি শৰ্মা ক'লা কোট পৰিধান কৰি উপস্থিত হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত। অধিবক্তাৰ ৰূপত ন্যায়ালয়ত উপস্থিত হলেও শৰ্মাই ৰাজনীতি নেৰাৰ কথা সংবাদমাধ্যমৰ সন্মুখত সদৰী কৰে। শৰ্মাই কয়- ' অধিবক্তাৰ পেছালৈ আহিলেও ৰাজনীতি নেৰো। আৰু ১২-১৪ বছৰ ৰাজনীতিৰ লগত জড়িত থাকিম।'

লগতে শৰ্মাই তেজপুৰত প্ৰচাৰ নচলালেও পল্লৱ লোচনৰ বিৰোধিতা কৰা নাই আৰু দলে বিচাৰিলে প্ৰচাৰ চলালে হয় বুলিও মন্তব্য কৰে। সাংসদগৰাকীয়ে লগতে কয় এইবাৰো প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী। অসমত বিজেপিয়ে দেখুৱাব ভাল ফলাফল, কুইন ওজাৰ হৈ প্ৰচাৰ চলোৱাৰ কথাও কলে আৰ পি শৰ্মাই।' RSSৰ আদৰ্শত থাকি বিজেপিতে থকাৰ কথা কোৱা আৰ পি শৰ্মাই মন্ত্ৰী হিমন্ত বিশ্বক কটাক্ষ কৰি কলে 'হিমন্তক মই নচুৱাই আছো, গুৱাহাটীতো নাচিব লাগিব বুলি কৈছিলো নাচিছে, উজুটিও খাইছে কিন্তু নাচিছেও আৰু বহুত নাচিব লাগিব।' 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in