দেশৰ সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিল ৰ’য়েল গ্ৰুপ, দান কৰিলে ১ কোটি টকা…

দেশৰ সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিল ৰ’য়েল গ্ৰুপ, দান কৰিলে ১ কোটি টকা…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত এতিয়া কোৰোনা ভাইৰাছে ধাৰণ কৰিছে মহামাৰীৰ ৰূপ। ভাৰততো এই ভাইৰাছৰ ফলত হাজাৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৭জনকৈ লোকে ইতিমধ্যে প্ৰাণ হেৰুৱাইছে।

ইফালে, COVID-19ৰ বিৰুদ্ধে যুঁজি দিবলৈ অসম চৰকাৰক সহায় কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিছে ৰ'য়েল গ্ৰুপ, গুৱাহাটী। গুৱাহাটীস্থিত ৰ'য়েল গ্ল'বেল ইউনিভাৰ্ছিটী আৰু ৰ'য়েল গ্ল'বেল স্কুল পৰিচালনা কৰা ৰ'য়েল গ্ৰুপে ১ কোটি টকা ধন আগবঢ়াইছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ।

ৰ'য়েল গ্ৰুপৰ অধ্যক্ষ ড০ এ কে পানছাৰীয়েমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি এই সংকটৰ সময়ত কোৰোনাৰ বিৰুদ্ধেযুঁজিবলৈ এই বৃহৎ পৰিমানৰ ধন আগবঢ়োৱা কথা জনায়। এই ধনৰ এটা অংশ মুখ্যমন্ত্ৰীসাহায্য পুঁজি, এটা অংশ প্রধানমন্ত্ৰী সাহায্য পুঁজি, অসম আৰোগ্য নিধি আৰু ৰাজ্যৰদৰিদ্ৰ লোকসকলক খাদ্য আৰু আনবোৰ অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে দান দিয়াহৈছে। ৰ'য়েল গ্ৰুপে মানৱ জাতিৰ সংকটৰ সময়ত আগবঢ়োৱা এই সহায়ৰ বাবেমুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in