ড০ সুভাষ খান্নাক বিশ্বৰ প্রখ্যাত এডিনবাৰ্গস্থিত ৰ’য়েল কলেজ অৱ ছাৰ্জনছলৈ সন্মানীয় ফেল’শ্বিপসহ আমন্ত্ৰণ…

ড০ সুভাষ খান্নাক বিশ্বৰ প্রখ্যাত এডিনবাৰ্গস্থিত ৰ’য়েল কলেজ অৱ ছাৰ্জনছলৈ সন্মানীয় ফেল’শ্বিপসহ আমন্ত্ৰণ…

ডিজিটেল ডেস্কঃ অসমৰ অগ্ৰণী যক্কৃত ৰোগৰ ব্যক্তিগত চিকিৎসা আৰু গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী অধ্যাপক ড০ সুভাষ খান্নাক এডিনবাৰ্গৰ ৰ'য়েল কলেজ অৱ ছাৰ্জনছে এফ আৰ চি এছৰ বিশেষ সমাবৰ্তনত অংশগ্ৰহণৰ বাবে ফেল'শ্বিপসহ আমন্ত্ৰণ কৰিছে। উল্লেখযোগ্য যে, প্ৰখ্যাত এই চিকিৎসা গৱেষণা প্ৰতিষ্ঠানটোৰ সমাবৰ্তনত অংশগ্ৰহণৰ বাবে ফেল'শ্বিপসহ আমন্ত্ৰিত হোৱা অধ্যাপক খান্নাই হ'ল বিগত ৫ দশকৰ প্ৰথমগৰাকী  এই অঞ্চলৰ চিকিৎসা বিশেষজ্ঞ।

ইয়াৰ পূৰ্বে অধ্যাপক জে মহন্ত, অধ্যাপক ডি ডাউকা,অধ্যাপক জ্যোতি দত্ত আৰু অধ্যাপক এছ জি জৈনে ৰ'য়েল ইংলিছ কলেজৰ অন্তৰ্গত এডিনবাৰ্গস্থিতৰ'য়েল কলেজ অৱ ছাৰ্জনছৰ সৰ্বোচ্চ সন্মানীয় স্বাস্থ্য বিজ্ঞান প্ৰতিষ্ঠানখনৰ পৰাসন্মানীয় ফেল'শ্বিপ অধ্যয়নৰ সুযোগ লাভ কৰিছিল।

উল্লেখ কৰাৰ প্ৰয়োজন যে, ৰ'য়েল ইংলিছ কলেজৰসন্মানীয় ফেল'শ্বিপ লাভ কৰি বৰ্তমানলৈকে বিশ্বৰ ১০০খনৰো অধিক দেশত প্ৰায় ২৬ হাজাৰচিকিৎসকে কাম কৰি আছে। বিশ্বৰ সৰ্বোচ্চ সন্মানীয় এই প্ৰতিষ্ঠানখনৰ ফেল'শ্বিপ লাভকৰাতোও অতিকৈ কঠিন। বিশেষকৈ ৰ'য়েল কলেজ অৱ ছাৰ্জনছ অৱ ইংলেণ্ড, ৰ'য়েল কলেজ অৱফিজিনিয়ান্স আৰু ৰ'য়েল কলেজ অৱ ছাৰ্জনছ অৱ গ্লাজগ' আৰু ৰ'য়েল কলেজ অৱ ছাৰ্জনছ ইনআয়াৰলেণ্ডক নেতৃত্ব দিয়া ৰ'য়েল কলেজ অৱ এডিনবাৰ্গৰ ফেল'শ্বিপৰ বাচনিত অসমৰ এগৰাকীঅসমীয়া চিকিৎসক অধ্যাপক সুভাষ খান্না বাচনিভুক্ত হোৱাতো অতিকৈ গৌৰৱৰ কথা।

বিশেষকৈ অসমৰ প্ৰখ্যাত অস্ত্ৰোপচাৰ বিশেষজ্ঞসুভাষ খান্নাক কোনো বাচনি পৰীক্ষা অৱতীৰ্ণ নোহোৱাকৈ সন্মানীয় ফেল'শ্বিপ প্ৰদানেৰেএডিনবাৰ্গৰ ৰ'য়েল কলেজ অৱ ছাৰ্জনছত অধ্যয়নৰ বাবে প্ৰায় ৫ দশকৰ পাছত এই অঞ্চলৰ পৰাআমন্ত্ৰণ কৰাটো খান্নাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ চিকিৎসাখণ্ডৰ বাবেই গৌৰৱৰ বিষয়হিচাপে বিবেচিত হৈছে।

সুভাষ খান্নাক মাৰ্চ মাহত অনুষ্ঠিত হ'ব লগীয়াপ্ৰখ্যাত চিকিৎসা প্ৰতিষ্ঠানখনৰ সমাবৰ্তন অনুষ্ঠানত অংশ লোৱাৰ বাবে আমন্ত্ৰণ জনোৱাহৈছে আৰু বিগত সময়চোৱাত তেওঁ ৰ'য়েল কলেজ অৱ এডিনবাৰ্গৰ অধীনষ্ঠ চিকিৎসাপ্ৰতিষ্ঠানসমূহৰ পৰা প্ৰকাশিত বিভিন্ন গৱেষণা পত্ৰত লেখা গুৰুত্বপূৰ্ণ লেখনিৰ লগতেচিকিৎসা শিক্ষাৰ  প্ৰতি আগবঢ়োৱা বৰঙণিৰবাবেই এই সন্মান প্ৰদান কৰা হৈছে। এডিনবাৰ্গত থকা সময়ত তেওঁ উল্লেখিত প্ৰতিষ্ঠানকেইখনৰ এম আৰ চি এছ পৰীক্ষা সমূহৰ পৰীক্ষক ৰূপেও ভাগ লোৱাৰ সুযোগ পাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in