ঈশ্বৰ চিন্তাই শেষ ভৰষা ! চাকি, বন্তী জ্বলাই গৰাখহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা…

ঈশ্বৰ চিন্তাই শেষ ভৰষা ! চাকি, বন্তী জ্বলাই গৰাখহনীয়া ৰোধৰ ব্যৰ্থ চেষ্টা…

ডিডিটি সংবাদ ওৰাংঃ মাজবাট সমষ্টীৰ ৮ নং ধনশ্ৰীৰ ৰৌতাবাগান গাঁওখন ধনশিৰি নৈৰ প্ৰবল গৰাখহনীয়াৰ কবলত। ৰৌতাৰ ৮ নং ধনশিৰি গাঁৱত ধনশ্ৰী নৈখনে বিগত কেইবাবছৰ ধৰি গৰখহনীয়াৰ সংহাৰী ৰূপ লোৱাৰ বাবে শ শ কৃষি ভূমিৰ লগতে ঘৰ- বাৰি জাহ গৈছে নৈ খনৰ বুকুত। পুনৰ উচন হোৱাৰ পথত এতিয়া গাঁওখনৰ বহু লোকৰ ঘৰ বাৰি।

হাজাৰ হাজাৰ বিঘা কৃষিভুমি ইতিমধ্যে নৈৰ বুকুত জাহ গৈছে। জলসম্পদ বিভাগৰ সম্পূৰ্ণ গাফিলতি, অপৰিকল্পিত আঁচনি, অমনযোগিতা আৰু অৰ্কম্যনতাৰ বাবে আজি বিপদত পৰিছে গাঁওখনৰ লোক। বহু বাৰ খহনীয়া প্ৰতিৰোধৰ ৰোধৰ বাবে গাঁওবাসীয়ে আবেদন নিবেদন কৰাৰ পিছত কোনো মতে গৰাখহনীয়া প্ৰতিৰোধৰ এখন আঁচনি ৰূপায়ণ হৈছিল।

বৰ্তমানলৈকে সম্পূৰ্ণ নহ'ল গৰাখহনীয়া প্ৰতিৰোধৰ কাম। ২ কোটিতকৈ অধিক টকাৰে ধনশ্ৰী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কাম আৰাম্ভ হ'ল ঠিকেই কিন্তু কোনো বিজ্ঞানসন্মত পদ্ধতিৰ প্ৰতিৰোধ ক্ষমতা নহ'ল গৰাখহনীয়াৰ।

কেৱল ইমানলৈকে নহয় ১৬ টাকৈ বুল্ডাৰ বান্ধ নিৰ্মাণৰ পৰিবৰ্তে নিৰ্মাণ হৈছে কেৱল মাত্ৰ ৮ টা বুল্ডাৰ বান্ধ। ৰাইজৰ গুৰুতৰ অভিযোগ বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰে মিলি কেলেংকাৰী সংঘটিত কৰিলে ধনশ্ৰী নদীৰ গৰাখহনীয়া প্ৰতিৰোধ আঁচনিৰ কামৰ ধন।

ইফালে অপৰিকল্পিত ভাবে কাম কৰাৰ বাবে বুল্ডাৰ বান্ধৰ ওপৰেৰে পানী সোমাই পুনৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে। ভৰ বাৰিষাৰ পূৰ্বেই শংকিত হৈছে এতিয়া গাঁওখনৰ নৈপৰীয়া ৰাইজ। ধনশ্ৰী নদীৰ কালৰূপী গৰাখহনীয়াৰ ভয় শংকাত বিনিদ্ৰ ৰজনী কটাইছে নৈ পৰিয়া পৰিয়াল সমূহে।

গাওঁখনৰ কাৰোবাৰ মৃত্যু হ'লে মৃতকক সৎকাৰ কৰা শ্মশানখনৰ লগতে ৰৌতা মহাবিদ্যালয়ৰ খেলপথাৰ খনো ধনশ্ৰী নৈৰ বুকুত হেৰাই গ'ল। ক্ৰমান্বেয়ে নৈখনে গাওঁখনৰ ফালে গতি কৰিছে। ইতিমধ্যে বহু লোকৰ খেতি মাটি ধনশ্ৰীৰ বুকুত জাহ গ'ল।

এইবেলি নৈৰ পাৰত চাকি বন্তি জ্বলাই প্ৰৰ্থনা গাঁওবাসীৰ যাতে নেদেখাজনে গাওঁখনক ৰক্ষা কৰক ধনশ্ৰীনদীৰ কামৰূপী গৰাখহনীয়াৰ পৰা। ধনশ্ৰী নদীৰ গৰাখহনীয়াৰ এই কালৰূপৰ ফলত নিতৌ নদীত জাহ গৈছে শ শ বিঘা কৃষি ভূমি, গৰাখহনীয়া ফলত নিদ্ৰা হৰণ হৈছে ৰাইজৰ।

গৰাখহনীয়া ৰোধৰ বাবে ৰাইজে হাতত লৈছে ন ন কৌশল। কোনোৱে যদি নদীত পুজাঁ-পাত কৰি গৰাখহনীয়া ৰোধ কৰাৰ বাবে নেদেখা জনৰ ওচৰত পাৰ্থনা জনাইছে। আন কোনোৱে হাতে হাতে দাঁ- কুঠাঁৰ লৈ গৰাখহনীয়া ৰোধ কৰাৰ বাবে হাতে কামে লাগিছে।

সমগ্ৰ ৰাজ্য বানপানীয়ে বিদধ্বস্ত কৰাৰ সময়ত এনেদৰে গৰাখহনীয়াৰ সমস্যাই চিন্তিত কৰিছে সমগ্ৰ ধনশ্ৰী খুটি। গাঁৱৰ ৰাইজে গৰাখহনীয়া ৰোধৰ বাবে নিজা ববীয়াকৈ ভেটা দি আছে যদিও সেয়া পৰ্য্যাপ্ত নহয়। সেয়েহে ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শ্ৰীঘ্ৰে ধনশ্ৰী নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in