ৰৌতা উন্নয়ন খণ্ডত এমজিএনৰেগা আঁচনিত ব্যাপক অনিয়ম…

ৰৌতা উন্নয়ন খণ্ডত এমজিএনৰেগা আঁচনিত ব্যাপক অনিয়ম…

ডিজিটেল সংবাদ,ওৰাংঃ ওদালগুৰি জিলাৰ ৰৌতা উন্নয়ন খণ্ডৰ অধিনৰ ৰৌতা গাওঁ ভিচিডিচিত সংঘটিত হৈছে ব্যাপক অনিয়ম । কাম নকৰাকৈয়ে একাংশ লোকে এম জি এন ৰেগা আঁচনিৰ লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰফলত ২০১৬ আৰু ২০১৭ বৰ্ষতে আবন্টিত হোৱা চি চি ব্ল'কৰ কেইবাটাও পথ আজিও নিৰ্মাণ নহ'ল। এতিয়া বাৰিষা আহিলেই ৰাইজে ভুগিব লাগে দৰ্ভূক ।

উন্নয়নখণ্ডটোৰ ৰৌতা গাওঁ ভি চি ডি চি ত এমজিএনৰেগা আঁচনিৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম সংঘটিত হৈছে। কাম নকৰাকৈয়ে অনিয়মেৰে ভি চি ডি চি ৰ সভাপতিয়ে আঁচনিৰ ধন আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ ৰাইজৰ । ২০১৭ বৰ্ষতে পথ দুটা নিৰ্মাণ হব লাগিছিল পকী ইটাৰ অৰ্থাৎ চি চি ব্ল'কৰ । আৰু এই পথ দুটা নিৰ্মাণৰ বাবে আবন্টিত হৈছিল দহ লাখ কৈ মুঠ ২০ লাখ টকা।

পথচোৱাৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা আবন্টন হোৱাৰ কথা উল্লেখ আছে এই ফলকখনত । কিন্তু চি চি ব্ল'কেৰে পথচোৱা নিৰ্মাণ হ'ব লাগিছিল যদিও কিন্তু এচপৰাও ইটা নপৰিল পথচোৱাত। কেৱল মাত্ৰ ১০ বাৰ টেইলাৰ মাটি পেলাই মুকলাই নিলে আঁচনিৰ ধন। ৫ শতাংশ কাম নোহোৱাৰ গুৰুত্বৰ অভিযোগ ৰাইজৰ।

আনহাতে এই পথচোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰৌতা বাগান মছজিদলৈ নিৰ্মাণ হ'ব লাগিছিল । আঁচনিখনৰ ফলকতো উল্লেখ আছে দহ লাখ টকা আবন্টন দিয়া আৰু চি চি ব্ল'ক নিৰ্মাণৰ কথা । কিন্তু ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মছজিদলৈ পথচোৱা নিৰ্মাণ কৰাটো দূৰৈৰে কথা কেৱল এশ মিটাৰ মান পথচোৱা নিৰ্মাণ কৰিয়েই আঁচনিৰ সমুদাই ধন ৰৌতা বাগান ভি চি ডি চি ৰ সভাপতি অমৰ আলীয়ে আত্মসাৎ কৰাৰ গুৰুত্বৰ অভিযোগ ৰাইজৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in