প্ৰায় আঢ়ৈ মাহৰ মূৰত পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে’ সেৱা, বৃদ্ধি হৈছে ভাড়া…

প্ৰায় আঢ়ৈ মাহৰ মূৰত পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটী ৰ’পৱে’ সেৱা, বৃদ্ধি হৈছে ভাড়া…
  • পুনৰ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী ৰ'পৱে' সেৱা।
  • কোভিডৰ বাবে বিগত ৬ মে' ৰ পৰা বন্ধ আছিল এই সেৱা।
  • কোভিড পৰিস্থিতিৰ বাবে ৫০ শতাংশ লোকেৰে আৰম্ভ হয় এই সেৱা।
  • যাত্ৰী সকলে পালন কৰিব লাগিব কোভিড বিধি।
  • বৃদ্ধি কৰা হৈছে যাত্ৰীৰ ভাড়া।
  • পূৰ্বে অহা বা যোৱাৰ বাবে যাত্ৰীৰ ভাড়া আছিল ৬০ টকা, কিন্তু সেই ভাড়া ১০০টকালৈ বৃদ্ধি কৰা হৈছে।
  • আনহাতে পূৰ্বে অহা-যোৱাৰ বাবে ১০০ টকা ভাড়াৰ ঠাইত ১৫০ টকালৈ বৃদ্ধি কৰা হৈছে।
  • শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বাহাল থাকিব পূৰ্বৰ ভাড়া।
  • গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ অৰ্থাৎ জিএমডিএ-য়ে গ্ৰহণ কৰিছে এই ব্যৱস্থা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in