ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন…

ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনৰ বিদায় সম্বৰ্ধনা সভা সম্পন্ন…

ডিজিটেল সংবাদ, শিমলুগুৰিঃ  লখিমপুৰ জিলাৰ পশ্চিমপ্ৰান্তত অৱস্থিত ৰঙতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনক শুকুৰবাৰে বিদ্যালয়খনিৰ পৰিচালনা সমিতি, শিক্ষক গোট আৰু ছাত্ৰ একতা সভাৰ উদ্যোগত আয়োজন কৰা এখন গুৰুত্বপূৰ্ণ সভাত আনুষ্ঠানিক ভাবে বিদায় সম্বৰ্ধনা জনোৱা হয় ৷ বছৰ বছৰ ধৰি শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত ব্ৰতী হৈ ছাত্ৰ ছাত্ৰী সকলক গুণগত শিক্ষাৰে শিক্ষিত কৰি অহা বিদায়ী অধ্যক্ষগৰাকীক আজি বিদ্যালয়খনিৰ একাংশ শিক্ষকে শিমলুগুৰিস্থিত বাসগৃহৰ পৰা বিদ্যালয়লৈ লৈ যায় আৰু  বিদ্যালয়খনিত উপস্থিত হোৱাৰ লগে লগে শিক্ষক, কৰ্মচাৰী,ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজে তেখেতসকলক আদৰি আনে আৰু ইয়াৰ পিছতেই বিদ্যালয়খনিৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশ্বনাথ প্ৰসাদৰ সভাপতিত্বত বিদায় সম্বৰ্ধনা সভাখনি অনুষ্ঠিত হয় ৷

 বিদ্যালয়খনিৰ শিক্ষক কৰ্মচাৰী গোটৰ সম্পাদক প্ৰফুল্ল বুঢ়াগোহাঞিয়ে আঁত ধৰা সম্বৰ্ধনা সভাখনিত শ শ ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলোৱা অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকীক বিদ্যালয়খনিৰ শিক্ষক কৰ্মচাৰী গোট, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্থানীয় ৰাইজে পৃথকে পৃথকে মানপত্ৰ,গামোছা,সফুঁৰা, শৰাই, কিতাপৰ টোপোলা,চেলেং, ছাতি আদি প্ৰদানেৰে অশ্ৰুসিক্ত নয়নেৰে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে ৷সভাত সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডিম্বেশ্বৰ ফুকনে ভাষণ প্ৰসঙ্গত সকলোকে ধন্যবাদ জনোৱাৰ লগতে পৰবৰ্তী সময়ত শিক্ষক-শিক্ষয়িত্ৰী সকলে যাতে বিদ্যালয়খনিৰ শৈক্ষিক দিশটো অধিক আগুৱাই নিয়ে তাৰ প্ৰতি অধিক লক্ষ্য ৰাখিবৰ বাবে আহ্বান জনায় ৷

বিদ্যালয়খনিৰ অধ্যক্ষ অশোক হাজৰিকাই শুভ উদ্ধোধন কৰা সভাখনিত বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক জীৱন সন্দিকৈ, শিক্ষক ড' বিনোদ গগৈ, ভূপেন্দ্ৰ বৰা, পৰিচালনা সমিতিৰ সভাপতি জীৱন হাজৰিকা, শিক্ষক ডিম্বেশ্বৰ বৰা, তিলক চাংমাই, বিপুল গোহাঞি, বলোৰাম গগৈ, থানু গগৈ, পংকজ ফুকন লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিদায়ী শিক্ষকগৰাকীৰ কৰ্মৰাজী আলোকপাত কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে ৷ ইফালে বিদ্যালয়খনিৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে বিদায়ী শিক্ষকগৰাকীৰ পৰা আৰ্শীবাদ লোৱাৰ উপৰি ভাষণত চৰকাৰীভাবে বিদায় ললেও অনাগত দিনত বিদ্যালয়খনিৰ শৈক্ষিক উন্নয়নৰ স্বাৰ্থত বিদ্যালয়খনিলৈ মাজে সময়ে আহি সু পৰামৰ্শ দিবৰ বাবে অনুৰোধ জনায় ৷ বিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰী সকলে পৰিবেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাখনিত দিহানাম, দলীয় নৃত্য আদি পৰিবেশন কৰি সভাখনি জীপাল কৰি তোলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in