ইউৰোত ৰনাল্ডোৰ ইতিহাসঃ লাভ কৰিলে বিশেষ বঁটা

ইউৰোত ৰনাল্ডোৰ ইতিহাসঃ লাভ কৰিলে বিশেষ বঁটা

ডিজিটেল ডেস্কঃ ইউৰো-২০২০ ত পৰ্তুগালৰ প্ৰদৰ্শন বৰ সন্তোষজনক নাছিল যদিও পৰ্তুগীজ উইংগাৰ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে লাভ কৰিছে গ'ল্ডেন বুট। যাৰ বাবে ৰ'নাল্ডোৰ অনুৰাগীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে।

ইউৰো-২০২০ৰ অন্তিম '১৬'ত বেলজিয়ামৰ বিৰুদ্ধে পৰাস্ত হৈ গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হৈছিল পৰ্তুগাল। কিন্তু প্ৰতিযোগিতাৰ যিকেইখন খেলত ৰনাল্ডোৱে অংশগ্ৰহণ কৰিছিল আটাইকেইখন মেচতেই গ'ল কৰিবলৈ সক্ষম হৈছেল। হাংগেৰী আৰু ফ্ৰান্সৰ বিৰুদ্ধে ৰ'নাল্ডোৱে ২ টাকৈ গ'ল কৰিবলৈ সক্ষম হৈছিল।

ইয়াৰ উপৰিও ইউৰোৰ ইতিহাসত সৰ্ব্বোচ্ছ গ'ল দাতা হিচাপে বিবেচিত হৈছি ৰ'নাল্ডো। ইউৰোৰ ইতিহাসত ৰ'নাল্ডোৱে কৰিছে মুঠ ১৪ টা গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in