দেশৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সংবাদ মাধ্যমৰ বহু কৰণীয় আছে…

দেশৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ বাবে সংবাদ মাধ্যমৰ বহু কৰণীয় আছে…

ডিজিটেল ডেস্কঃ ভাৰতীয় শিক্ষণ মণ্ডল উত্তৰ অসম খণ্ডৰ উদ্যোগত শুকুৰবাৰৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা তিনিদিনীয়া যুৱ সমাৰোহৰ আজি সন্ধিয়া অন্ত পৰে। দেশৰ অখণ্ডতা, গণতান্ত্ৰিক প্ৰমূল্যবোধক শক্তিশালী কৰা যুৱ প্ৰজন্মক বৃহৎ গণতান্ত্ৰিক গণৰাজ্যখনৰ ঐতিহ্য, সমাজ, সংস্কৃতি সন্দৰ্ভত অধিক শক্তিশালী ৰূপত সংগবদ্ধ কৰোৱাৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত হোৱা এই যুৱ সমাৰোহ ২৬ নবেম্বৰৰ পুৱা ৯.৩০ বজাত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষা খণ্ড আৰু প্ৰতিষ্ঠানৰ পতাকা উত্তোলনেৰে আৰম্ভণি কৰা হয়। ড০ অদিতি দাসে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলনৰ সমান্তৰালভাৱে উপস্থিত যুৱ কৰ্তাসকলে সংকল্প গ্ৰহণেৰে উত্তৰ পূৰ্বাঞ্চলৰ যুৱ শক্তিক বৌদ্ধিক, শৈক্ষিক, সাংস্কৃতিক দিশত আগুৱাই নিয়াৰ সংকল্প লয়। তিনিদিনীয়া এই আলোচনাত ৮টা নিৰ্ধাৰিত বিষয়ৰ ওপৰত সমল ব্যক্তিৰ বক্তব্য আৰু চৰ্চাৰ লগতে কুইজ, সংসদীয় তৰ্ক আৰু সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ দিয়ে উত্তৰ পূব যুৱ সমাৰোহৰ আয়োজক সমিতিৰ সভাপতি ড০ নৱজ্যোতি বৰাই। ইয়াৰ পাছতে শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৱে সংবিধানৰ ইতিহাস অৱগত কৰোৱাৰ লগতে প্ৰত্যেক গৰাকী ছাত্ৰ-ছাত্ৰীক দেশৰ সংবিধানখন খৰচি মাৰি পঢ়িবলৈ আহ্বান জনায়। তদুপৰি তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠী আৰু বৰ্ণিল সংস্কৃতি সন্দৰ্ভত অধ্যয়নৰ আহ্বান জনোৱাৰ উপৰি শিশুসকলক নিজৰ প্ৰতিভা বিকাশৰ বাবে উৎসাহিত কৰিবলৈ জ্যেষ্ঠচামৰ প্ৰতি আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ, ড০ উমেশ চক্ৰৱৰ্তী, মুকুল কানিদকাৰ আৰু ড০ নীলমোহন ৰয়েও ভাষণ আগবঢ়ায়। ইয়াৰ পাছৰে পৰা যোৱা দুদিন ধৰি বিভিন্ন বিষয়ক আলোচনাৰ অন্তত দেওবাৰে পুৱাৰে পৰা অনুষ্ঠিত হয় সামৰণি দিনৰ বিভিন্ন কাৰ্যসূচী।

এই আলোচনাৰ ৰ'ল অৱ মিডিয়া ইন ডেম'ক্ৰেচী শীৰ্ষক বক্তৃতা প্ৰদান কৰে প্ৰতিদিন টাইম অসমৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামীয়ে। বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, মনীষ গোস্বামী, অভিনৱ বৰবৰা আৰু অংকিতা দত্তই বিশেষ অতিথিৰূপে অংশ লোৱা এই আলোচনাত স্মিতাক্ষী বি গোস্বামীয়ে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ থকা মূল আধাৰ সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই কয় যে- দেশৰ সংবিধান আৰু বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্ৰিক গণৰাজ্যখনক শক্তিশালী কৰাৰ ক্ষেত্ৰত আমাৰ দেশৰ সংবাদমাধ্যমৰ এক গুৰু দায়িত্ব আছে। তেওঁ লগতে কয় যে- বিশ্বৰ সবাতোকৈ পুৰণি সংবাদ মাধ্যমসমূহৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ সংবাদ মাধ্যমো অন্যতম। ইয়াৰ প্ৰতি দেশৰ জনতাৰ সঁহাৰিও অকল্পনীয়। তেওঁ কয়- আমাৰ দেশত ১৬০০ৰো অধিক ছেটেলাইট চেনেল আছে। ইয়াৰ ভিতৰত নিউজ চেনেলেই ৪০০। একেদৰে দৈনিক ১০ কোটিৰো অধিক পাঠকে ছপা বাতৰি কাকত ক্ৰয় কৰি পঢ়ে। এই পৰিসংখ্যাই সংবাদ মাধ্যমৰ গুৰুত্ব, ইয়াৰ প্ৰতি জনতাৰ আস্থাৰ ছবিখনকে নিশ্চিত ভাৱে দাঙি ধৰে।

প্ৰসংগক্ৰমে উত্তৰ পূৰ্বাঞ্চলত অৰুণোদয় যুগৰ পৰা আজিৰ দিনলৈকে সংবাদ পত্ৰৰ ১৭৫ বছৰীয়া পৰিক্ৰমাত অঞ্চলটোৰ বিভিন্ন সংকটকালত সংবাদ মাধ্যমে আগবঢ়োৱা সুদৃঢ় ভূমিকাৰ কথাও তেওঁ উদাহৰণসহ উল্লেখ কৰে। অনুষ্ঠানত তেওঁ কয়- ব্যক্তিগতভাৱে মই আজি এই কথাৰ বাবে গৌৰৱবোধ কৰে যে, ১৮৮২চনতে মোৰ আজোঁ-আজোঁ ককা, হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষা, অসমৰ সংস্কৃতি আৰু আৰ্থ-সামাজিক-ৰাজনৈতিক সমস্যা সন্দৰ্ভত চৰকাৰ পক্ষৰ লগতে জনতাকো সজাগ কৰি তোলাৰ বাবেই দ্বিভাষিক সাপ্তাহিক বাতৰি কাকত 'আছাম নিউজ' প্ৰকাশ কৰিছিল। অসমীয়া ভাষাত কোৱা কথাখিনি যাতে ইংৰাজ চাহাবে ইংৰাজী ভাষান্তৰ সংলগ্ন অংশৰ পৰা সঠিকভাৱে বুজি উঠিব পাৰে তেনে এক বিচক্ষণ বিজ্ঞানসন্মত চিন্তাৰেই তেখেতে এই কাম কৰিছিল। এইগৰাকী মহান উপৰিপুৰুষৰ আৰ্হিক সাৰুগত কৰিয়েই আমাৰ পৰিয়ালে আজিৰ সাদিন-প্ৰতিদিন গোষ্ঠীৰ দৰে শক্তিশালী সংবাদ গোষ্ঠীৰ জৰিয়তে অসম, উত্তৰপূৰ্বাঞ্চল তথা দেশৰ শাসন ব্যৱস্থা, গণতন্ত্ৰ আৰু জনতাৰ সৈতে ইয়াক সংযুক্ত কৰাৰ বাবে সবলভাৱে কাম কৰি যোৱাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সময়ৰ লগত খাপ খুৱাই সাদিন-প্ৰতিদিন গোষ্ঠীৰ পৰাই ছেটেলাইট চেনেল প্ৰতিদিন টাইম আৰু কেউতা গোষ্ঠীৰ ডিজিটেল সংস্কৰণলৈকে অগ্ৰসৰ হ'ব পাৰিছে।

স্মিতাক্ষী বি গোস্বামীয়ে তেওঁৰ ভাষণত সংবাদ মাধ্যমৰ ওপৰলৈ অহা আক্ৰমণৰ পৰা নিষ্ঠাপূৰ্ণভাৱে দায়িত্ব পালনৰ ক্ষেত্ৰত আজিৰ সংবাদ মাধ্যম আৰু ইয়াৰ সৈতে জড়িত হোৱা নতুন প্ৰজন্মক আংশিকভাৱে হ'লেও বিচলিত হোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। তেওঁ কয়- আমি নেশ্যনেল প্ৰেছ ডে' ১৯৬৬চনৰ পৰাই উদযাপন কৰি আহিছো। কিন্তু একে সময়তে সমগ্ৰ বিশ্বত সংবাদমাধ্যমৰ সুৰক্ষাৰ ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ বিষয়টো সৰৱ ভাৱে চৰ্চিত হোৱা সময়তো এই বিষয়ে গুৰুত্ব আৰোপ কৰা নাই। প্ৰসংগক্ৰমে তেওঁ ৩ মে'ত উদযাপিত হৈ অহা ৱ'ৰ্ল্ড প্ৰেছ ফ্ৰীডম ডে'ৰ বিষয়ে উল্লেখ কৰে।

লগতে তেওঁ কয়- সংবাদ মাধ্যমৰ স্বাধীনতা সন্দৰ্ভত ১৮০খন দেশৰ ওপৰত চলোৱা জৰীপত ভাৰত বৰ্ষই ১৪১তম স্থান লাভ কৰাতো বৃহৎ গণতান্ত্ৰিক গণৰাজ্যখনৰ বাবে দুৰ্ভাগ্যজনক বুলিও উল্লেখ কৰে। তেওঁ ভাষণৰ মাজে মাজে উপস্থিত থকা শিক্ষাৰ্থীসকলৰ দুই এক প্ৰশ্নৰো উত্তৰ দিয়ে। ৰাষ্ট্ৰৰ মূলসুতিৰ সংবাদ মাধ্যমে উত্তৰপূৰ্বাঞ্চলৰ সমস্যাসমূহ সঠিকভাৱে কিয় তুলিব ধৰিব নোৱাৰে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ইয়াৰ বাবে আমিও কম জগৰীয়া নহয়। দেশৰ সংবিধান, ইয়াৰ গণতান্ত্ৰিক পৰিকাঠামো, নাগৰিকৰ দায়িত্ব আৰু সংসদীয় ৰাজনীতিৰ কেৰোণ সন্দৰ্ভত সঠিক সময়ত সকলোকে সঠিকভাৱে অৱগত কৰিব নোৱাৰাৰ বাবেই বহু সময়ত আমাৰ সমস্যা সমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰিব পৰাকৈ সাংসদ অথবা আন প্ৰতিনিধিৰ বাচনিৰ ক্ষেত্ৰত ৰাইজ বিশেষভাৱে সফল হ'ব নোৱাৰে। এই ক্ষেত্ৰত তেওঁ পঞ্জাৱ, হাৰিয়ানাৰ কৃষকে কৰা আন্দোলনে কিদৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সঠিক ৰূপত ইয়াক তুলি ধৰিবলৈ বাধ্য কৰাইছিল যাৰ পৰিণতিত চৰকাৰে ৩খনকৈ কৃষি বিল প্ৰত্যাহাৰৰ সিদ্ধান্ত ঘোষণা কৰিব লগা হৈছিল, সেই বিষয়েও উল্লেখ কৰে।

আনহাতে, তেওঁ ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে দেশৰ জনতাক সজাগ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে লোৱা ভূমিকা ১৯৭৫চনৰ জৰুৰী অৱস্থাত এনে শক্তিশালী ভূমিকাৰ বাবেই চৰকাৰে সংবাদ মাধ্যমৰ ওপৰত জাপি দিয়া ছেঞ্চৰ ব্যৱস্থাৰ প্ৰসংগবোৰো তেওঁ উল্লেখ কৰে। তেওঁ কয়- আমাৰ দেশ শক্তিশালী হ'বলৈ হ'লে গণতন্ত্ৰ শক্তিশালী হ'ব লাগিব। আৰু গণতন্ত্ৰ শক্তিশালী হ'বলৈ হ'লে ইয়াৰ চতুৰ্থ স্তম্ভৰূপে সকলোৱে গণ্য কৰা সংবাদ মাধ্যম সঠিক ৰূপত শক্তিশালী হ'ব লাগিব।

বিয়লি প্ৰায় ৪ বজাত যুৱ সমাৰোহৰ সামৰণি পৰ্বত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেজপুৰৰ পৰা আহি কলাক্ষেত্ৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপত মিলিত হৈ কয়- আমি সকলো একেজনৰ সন্তান। আমাৰ আত্মাৰ কোনো পাৰ্থক্য নাই। একেই আমাৰ বুৰঞ্জী, প্ৰাচীণ ঐতিহ্য আৰু সংস্কৃতি। সামন্তীয় কালত ৰজা-মহাৰজা সকলৰ মাজত হোৱা যুদ্ধ সমাজৰ মাজৰ যুদ্ধ নাছিল। বুৰঞ্জীবিদ একাংশই এই যুদ্ধবোৰক সমাজৰ মাজৰ যুদ্ধ ৰূপে চিহ্নিত কৰি থৈ গ'ল। আমি আজি পাঠ্যক্ৰমত লেলিন-ষ্টেলিনৰ কথা পঢ়িব লাগে। কিন্তু সেই একে পাঠ্যক্ৰমত নাই আৰ্যভট্ট-বিবেকানন্দৰ কথা।

তেওঁ লগতে কয়- ৰাছিয়াত লগা যুদ্ধৰ কথা পঢ়াৰ কি দৰকাৰ আছিল আমাৰ? আমি পঢ়িব লাগে লাচিতৰ বীৰত্ব, শংকৰদেৱ-শংকৰাচাৰ্যৰ কথা। ৰামায়ণ, মহাভাৰত, পুৰাণ সকলোতে আমাৰ অসম কেন্দ্ৰ আছিল। মোগল অহাৰ পাছতহে আমি ভাৰতৰ পৰা বিছিন্ন হৈ গ'লো। কাৰণ আমি মোগলক পৰাভূত কৰিব পাৰিছিলো। মোগলক পৰাভূত কৰি সেই মোগলে শাসন কৰা ভাৰতৰ পৰা আমি ১০০ বছৰ বিলগ্ন হৈ থাকিব লগা হ'ল। একাংশ বুদ্ধিজীৱীয়ে কব খোজে য়ান্দাবু সন্ধিৰ পাছতে ভাৰতৰ অংশ হৈছো আমি। কিন্তু চন্দ্ৰ, সূৰ্য থকাৰ পৰাই আমি ভাৰতৰ অংগ আছিলো। এই কথাবোৰ গুৰুত্ব সহকাৰে লৈ দেশক শক্তিশালী কৰাৰ লগতে নিজকো শক্তিশালী ৰূপত তুলি ধৰাৰ বাবে তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in