খেলপথাৰত নহয়, ৩ মহীয়া কন্যাৰ সৈতে ব্যস্ত ৰোহিত শৰ্মা, চাওক VIDEO…

খেলপথাৰত নহয়, ৩ মহীয়া কন্যাৰ সৈতে ব্যস্ত ৰোহিত শৰ্মা, চাওক VIDEO…

ডিজিটেল ডেস্কঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত হ'বলগীয়া পঞ্চম তথা শেষৰখন এদিনীয়া অনুষ্ঠিত হ'ব দিল্লীৰ ফিৰোজ শ্বাহ কৌটলা ষ্ট্ৰেডিয়ামত। বিৰাট কোহলীত নেতৃত্বত খেলা ভাৰতীয় দলে ৫ দিনীয়া শৃংখলা ইতিমধ্যে ২-২ত সমতা স্থাপন কৰিছে। প্ৰথম দুখন মেচত জয়লাভ কৰাৰ বিপৰীতে পিছৰ দুখন মেচত পৰাজয়বৰণ কৰিছে টীম ইণ্ডিয়া।

পঞ্চমখন মেচ আৰম্ভ হোৱাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেটাৰ ৰোহিত শৰ্মাই এতিয়া সময় দিছে পৰিয়ালক। ৩মাহৰ পূৰ্বে জন্ম হোৱা কন্যা চমায়াৰাৰ সৈতে সময় কটাইছে ক্ৰিকেটাৰজনে। কন্যাৰ সৈতে হাঁহি-স্ফুৰ্তি কৰি থকাৰ সময়ৰ এটি ভিডিঅ' শেহতীয়াকৈ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ৰোহিতৰ পত্নী ৰিতিকাই টুইটাৰত এই ভিডিঅ'টো আপলড কৰাৰ পাছতে খুবেই জনপ্ৰিয় হৈ পৰিছে ভিডিঅ'টো

https://www.instagram.com/p/Bu3ekboHjRc/?utm_source=ig_web_copy_link

উল্লেখ্য যে, ভাৰতীয় ভাৰতীয় ক্ৰিকেট দলত উপ-অধিনায়ক ৰোহিত শৰ্মাই পঞ্চমখন এদিনীয়াত এক ৰেকৰ্ড গঢ়িব পৰা সুযোগ আছে। এই মেচত ৪৬ ৰাণ সংগ্ৰহ কৰিলে ৰোহিত শৰ্মাৰ এদিনীয়াত ৮০০০ ৰাণ সৰ্ম্পূণ হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in