শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰোহিংগিয়াক জেৰা NIA ৰ

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত ৰোহিংগিয়াক জেৰা NIA ৰ

ডিজিটেল সংবাদ শিলচৰঃ যোৱা ৩০ জুনত শিলচৰত গ্ৰেপ্তাৰ হোৱা ২৬ জন ৰোহিংগিয়াৰ তথ্য উদ্ঘাটন কৰিবলৈ বৃহস্পিতবাৰে শিলচৰত উপস্হিত NIA ৰ তিনি জনীয়া এটি দল৷ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ন্যায়িক জিন্মাত থকা প্ৰাপ্ত বয়স্ক ১২ জন ৰোহিংগিয়াক জেৰা কৰিবলৈ আদালতৰ অনুমতি লৈ দলটোৱে শুকুবাৰে কাৰাগাৰলৈ যায় ৷

কাৰাগাৰত ৰোহিংগিয়া সকলক প্ৰায় দুঘন্টা জেৰা চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ ২ ঘন্টা জেৰা কৰাৰ পিচত শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই যায় NIA ৰ তিনি জনীয়া দলটো ৷ অৱশ্যে, কি কি বিষয় লৈ জেৰা কৰা হৈছে সেয়া সদৰী কৰাৰ পৰা বিৰত আছে দলটো ৷

জেলৰ পৰা ওলোৱাৰ পিচত বাহিৰত ৰৈ থকা সাংবাদিকে বিভিন্ন প্ৰশ্ন কৰাৰ পিচতো কোনো তথ্যই সদৰী নকৰিলে NIA ৰ দলটোৱে ৷ৰোহিংগিয়া সকলক জম্বু-কাশ্মিৰৰ পৰা শিলচৰলৈ কোনে আনিলে আৰু গুৱাহাটীৰ পল্টন বজাৰৰ পৰা তিনিখন ইনোভা বাহনত শিলচৰলৈ অনাৰ ক্ষেত্ৰত কোনে মূখ্য ভুমিকা লৈছিল, এই তথ্য উলিয়াবলৈও জেৰা কৰা হৈছে বুলি অনুমান কৰা হৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in