‘কা’ৰ বিৰুদ্ধে ৰহাত কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান, VIDEO

‘কা’ৰ বিৰুদ্ধে ৰহাত কংগ্ৰেছৰ গণ স্বাক্ষৰ অভিযান, VIDEO

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্যত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত থকাৰ মাজে দেওবাৰে ৰহাত কংগ্ৰেছে আৰম্ভ কৰিছে গণ স্বাক্ষৰ অভিযান।

বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে দেওবাৰে ৰহা ব্লক কংগ্ৰেছে ৰহা নতুন চাৰিআলিত ৰাষ্ট্ৰীয় পথৰ কাষত এনেদৰে গণ স্বাক্ষৰ অভিযান চলায়।

কংগ্ৰেছৰ এই অভিযানৰ প্ৰতি সহাৰি জনাই শ শ লোকে জাতিধ্বংসী আইনখনৰ বিৰোধ কৰি স্বাক্ষৰ কৰে। আইনখন বাতিলৰ দাবীৰে কংগ্ৰেছে এই গণ স্বাক্ষৰ দেশৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in