শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

ৰহাত বানৰ তাণ্ডৱঃ উটুৱাই নিলে দুখনকৈ বাঁহৰ দলং…

115

ডিজিটেল সংবাদ, ৰহাঃ কপিলীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ৰহাৰ দুখনকৈ বাঁহৰ দলং। ৰহাৰ চাপৰমুখ কচুৱাৰ পাৰঘাট আৰু বামুণীজান পাৰঘাটত থকা থকা দুয়োখন দলং নিশাৰ ভিতৰতে উটুৱাই নিলে কপিলী নদীৰ বাঢ়নি পানীয়ে। ফলত এতিয়া যাতায়াত-যোগাযোগত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে নৈপৰীয়া ৰাইজৰ।

অৱশ্যে পাৰঘাট দুটাত নাঁৱৰ ব্যৱস্থা কৰিছে মহলদাৰে। উল্লেখ্য যে ৰহা আঞ্চলিক পঞ্চায়তৰ অধীনত থকা বামুণীজান পাৰঘাট আৰু অসম জল পৰিবহন বিভাগৰ অধীনত থকা চাপৰমুখ কচুৱা পাৰঘাটতত খৰালি কালত দুয়োটা পাৰঘাটত লেচীয়ে বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়াত কিছু সুচল কৰি দিয়ে। কিন্তু বাৰিষা নৈৰ পানী বাঢ়ি অহাৰ লগে লগে ভাগি নিয়ে দলং দুখন।

এইবাৰো দলং দুখন নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিয়াত যাতায়াতৰ সমস্যা হৈছে দুয়োপাৰৰ জনসাধাৰণৰ।ফলত এতিয়া এনেদৰেই এখন টুলুঙা নাৱেৰে বিপদসংকুলভাৱে ৰাইজ অহাযোৱা কৰিবলগীয়া হৈছে।

উল্লেখ্য যে ২০০৩চনৰ পৰা তিনিবাৰকৈ আধাৰশিলা স্থাপন কৰা চাপৰমুখ কচুৱাৰ কপিলী নদীৰ ওপৰত নিৰ্মাণৰত পকী দলংখন আজিও সম্পূৰ্ণ হৈ নুঠাত এতিয়া এনেদৰে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰহা সমষ্টিৰ এটা বৃহৎ অঞ্চলৰ লগতে পশ্চিম কাৰ্বি আংলঙৰ বহু সংখ্যক ৰাইজ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি