নগাওঁ বাইপাছত ডকাইতৰ তাণ্ডৱঃ অধিক ধন নাপায় চালকৰ ডিঙিত গুলী চালনা…

নগাওঁ বাইপাছত ডকাইতৰ তাণ্ডৱঃ অধিক ধন নাপায় চালকৰ ডিঙিত গুলী চালনা…

ডিজিটেল সংবাদ নগাঁও: সোমবাৰ নিশা নগাঁও বাইপাছত ডকাইতৰ তাণ্ডব ৷ গাড়ী চালকৰ হাতত ধন নথকাত ভিক্ষাৰী বুলি কৈ গুলী চলোৱাৰ ঘটনা ঘটিছে নগাওঁ বাইপাছত ৷ ডকাইতৰ এই গুলিচালনাত আহত হৈছে সুমন দাস নামৰ এজন যুবক ৷ ডিঙিত গুলি লগা সুমনক উন্নত চিকিৎসাৰ বাবে নগাঁৱৰ পৰা প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ।

জানিব পৰা মতে নিশা এ এছ ২৫ ই চি ৬৫১৫ নম্বৰৰ কুৰিয়াৰ চাৰ্ভিছৰ গাড়ীৰে চালক সুমন দাস আৰু সহযোগী হৰ্ষজিৎ দাস হাফলঙলৈ গৈ থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয় ৷ গুৱাহাটীৰ পৰা আহি থকা সময়ত বাইপাছৰ ঝাৰনি নামৰ স্হানত ডকাইতে বাট ভেটি ধৰে ৷ গাড়ী ৰখাই সুমন আৰু হৰ্ষজিৎক গাড়ীৰ পৰা নমাই মানিবেগ আৰু মবাইল কাঢ়ি লয়৷ ইয়াৰোপৰি তেওঁলোক দুজনৰ পৰা ়কাইত কেইটাই অধিক ধন বিছাৰে ৷

চালক সুমনে অধিক ধন নাই বুলি কোৱাত ডকাইতৰ দলটোয়ে ভিক্ষাৰী বুলি কৈ চালকজনৰ ডিঙিলৈ গুলী কৰাত সুমন বাগৰি পৰে ৷ ইয়াৰ পিছতেত ডকাইতৰ দলটো সেই স্থানৰ পৰা পলাই যায় ৷ আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ গুলীবিদ্ধ সুমন আৰু হৰ্ষজিৎক উদ্ধাৰ কৰি নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰে যদিও গুলী লাগি থকা সুমনক চিকিৎসকে উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ এই ঘটনাৰ লগত জড়িত ডকাইতৰ দলটোৰ সন্ধানত নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in