পুৰণিগুদামত দিন দুপৰতে ডকাইতি, আৰোহণ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা দুই লাখ টকা লুট

পুৰণিগুদামত দিন দুপৰতে ডকাইতি, আৰোহণ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা দুই লাখ টকা লুট

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ পুৰণিগুদাম পহুকটাত মঙলবাৰে বিয়লি এক দিনডকাইটিৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আৰোহণ নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী আনন্দ বৰাই তেওঁৰ প্ৰতিষ্ঠানৰ বাবে দিনটোত সংগ্ৰহ কৰা প্ৰায় দুই লাখ টকা লৈ আহি থকাৰ সময়ত ৰূপহী পহুকটা সংযোগী পথত তিনিজনীয়া এটা ডকাইতৰ দলে আগচি ধৰি ধনখিনি কাঢ়ি লৈ যায়।

আনন্দ বৰাই তেওঁৰ এএছ ২১এফ ০৯২৬ নম্বৰৰ মটৰ চাইকেলখনেৰে পুৰণিগুদাম ন'আলিমূৰত থকা আৰোহণৰ কাৰ্যালয়লৈ আহি থকা সময়ত এখন পালচাৰ বাইকত অহা তিনিজনীয়া ডকাইতৰ দলটোৱে আগচি ধৰি তেওঁক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে আৰু টকাখিনি লৈ নিৰ্বিঘ্নে আঁতৰি যায়৷ পৰৱৰ্তী সময়ত পথৰ দাঁতিত মূৰ্মুষু অৱস্থাত পৰি থকা লোকজনক স্থানীয় ৰাইজে মৃত্যুঞ্জয় এম্বুলেন্সৰে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

পুৰণিগুদাম আৰক্ষী চকীৰ পৰা নিচেই কাষতে দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাই পুৰণিগুদামত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, পুৰণিগুদাম আৰক্ষীৰ অকৰ্মণ্যতাৰ সুযোগ গ্ৰহণ কৰি অপৰাধীয়ে অপৰাধমূলক কাৰ্য সংঘটিত কৰি আহিছে বুলি সচেতন ৰাইজে অভিযোগ কৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in