মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন

মধ্যপ্ৰদেশত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত শিশুসহ ৯জন

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ ২৬ নং ৰাষ্ট্ৰীয় ঘাইপথত বুধবাৰে সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি শিশুসহ ৯ জনৰ কৰুণ মৃত্যু ঘটে। ইফালে দুৰ্ঘটনাটোত ৬ জন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

২৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এখন যাত্ৰীবাহী ট্ৰেভেৰা গৈ থাকোতে বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত উদ্ধাৰ অভিযান চলায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in