বাঁহ কঢ়িওৱা ট্ৰাকত বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাঃ থিতাতে নিহত ৩ জন

বাঁহ কঢ়িওৱা ট্ৰাকত বালি কঢ়িওৱা ট্ৰাকৰ খুন্দাঃ থিতাতে নিহত ৩ জন

ডিজিটেল সংবাদ মায়ং: জাগীৰোডৰ দেওশালত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সোমবাৰে নিশা সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত তিনি জনকৈ লোকৰ থিতাতে কৰুণ মৃত্যু হয়।নিষ্ঠুৰ নিয়তিয়ে প্ৰাণ কাঢ়ি নিয়া লোক কেইজন হল জয়ন্ত ৰংপি,অতুল দাস আৰু সুশীল দাস । জানিব পৰা মতে নেলী আমলীঘাট দিশৰ পৰা আহি জাগীৰোড অভিমুখে আহি থকা As 01 AC 7627 নম্বৰৰ বাঁহ ভৰ্তি ট্ৰাক এখনক পিছফালৰ পৰা বালি কঢ়িয়াই অনা A S 21 C 1848 নম্বৰৰ ট্ৰাক খনে খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনা টো সংঘটিত হয়।দুৰ্ঘটনাটোত বালি কঢ়িওৱা ট্ৰাকখনত থকা চালক জয়ন্ত ৰংপি আৰু শ্ৰমিক অতুল দাস আৰু সুশীল দাস থিতাতে নিহত হয়।

তিনিওজন লোকৰ মৃত্যুক সহজ ভাবে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে।চালক জয়ন্ত ৰংপিৰ ঘৰ জাগীৰোড থানাৰ অন্তৰ্গত হাতী উঠা গাঁৱত।জয়ন্তৰ মৃত্যুত ভাগি পৰিছে দৰিদ্ৰ পৰিয়াল টোৰ লগতে জয়ন্তই চলোৱা গাড়ী খনৰ মালিক বিজন চৰকাৰ।বুৰা বুৰীৰ হাৰ্ডৱেৰ ব্যৱসায়ী বিজন চৰকাৰে জানিবলৈ দিয়া মতে জয়ন্ত কেৱল চালক হৈ থকা নাছিল তেওঁৰ বাবে।পৰিয়ালৰ এজন সদস্যৰ দৰে বিগত ১২ বছৰ ধৰি কাম কৰি আছিল তেওঁৰ সতে।

অতি ভদ্ৰ,বিশ্বাসী,আৰু সৎ প্ৰকৃতিৰ জয়ন্তই সুৰা পান নকৰাকৈ অতি নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি আহিছিল।জয়ন্তৰ উপাৰ্জনৰ ওপৰতে হাতী উঠা গাঁৱৰ সেই দৰিদ্ৰ পৰিয়ালটো চলি আহিছিল। এই মৃত্যুৱে দুটা কৈ পৰিয়ালক বাৰুকৈয়ে কন্দুৱাই থৈ যোৱাই নহয় যথেষ্ট ক্ষতি কৰি থৈ গল।এজনৰ চালকৰ বাবে আজি হুকহুকাই কান্দি হাৰ্ডৱেৰ ব্যৱসায়ী বিজন চৰকাৰে অসমীয়া প্ৰতিদিনৰ এই প্ৰতিবেদকৰ আগত কৈ গল আৰু বহু কথা। লগতে দুখ প্ৰকাশ কৰি কলে আন দুজন শ্ৰমিকৰ মৃত্যুৰ কথা।

কোনেও হয়তো ভবা নাছিল যোৱা নিশা এনেদৰে হঠাৎ তিনি জনকৈ শ্ৰমিক লোকৰ জীৱনলৈ কাল ধুমুহা নামি আহিব বুলি।শ্ৰমিক অতুল আৰু সুশীলৰ ঘৰ মায়ং থানাৰ অন্তৰ্গত বুৰা বুৰী গাঁৱত।অতুল বিশ্বাস আছিল ঘৰ খনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি।কেৰেলাত যোৱা তিনি বছৰ ধৰি শ্ৰমিক হিচাপে কাম কৰি আছিল যদিও কোৰোনা মহামাৰীৰ বাবে অসমলৈ উভতি অহা অতুল আৰু ঘূৰি নগল।দৰিদ্ৰ পিতৃ মাতৃ ,ভাতৃ আৰু দুজনী কৈ ভগ্নীক ভৰন পোষণ দি আহিছিল অতুল বিশ্বাস।

হাৰ্ডৱেৰ ব্যৱসায়ী বিজন দাসৰ দোকানতে শ্ৰমিক হিচাপে নিয়োজিত হৈ শিল বালি উঠোৱা- নমা আদি কাম কৰি কোনোমতে পৰিয়ালটো চলাই আহিছিল।মনতে ভাবি ৰাখিছিল ডাঙৰ ভনীয়েকক বিয়া দিয়াৰ পিছতেই অতুলে বিয়া পাতিব।কিন্তু নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মনা অতুলৰ সেই আশাত চেঁচা পানী পৰিল।চিৰ দিনৰ বাবে বিদায় ললে অতুলে।ঘৰ খনত আজি শোক আৰু দুখে খুন্দা মাৰি ধৰিছে প্ৰতি জন লোকক।দুখ প্ৰকাশ কৰিছে গাঁও খনৰ লোকে।অতুলৰ ঘৰ খনলৈ নামি আহিছে এতিয়া এক ঘোৰ অমানিশা।কি হব দুৰ্ভগীয়া পৰিয়াল টোৰ।

আন জন দিন হাজিৰা কৰি খোৱা শ্ৰমিক আছিল সুশীল দাস।সুশীল বিবাহিত।সুশীলৰো আছে এখন ঘৰ।ঘৰত পিতৃ মাতৃ,পত্নী আৰু এটি কন্যা সন্তান।পিছে সেই দুৰ্ভগীয়া পৰিয়ালটোক কন্দুৱাই থৈ চিৰ দিনৰ বাবে গুছি গল সুশীল।ঘৰ খনৰ একমাত্ৰ উপাৰ্জনকাৰী লোক আছিল সুশীল।পত্নী দ্বিতীয় বাৰৰ বাবে গৰ্ভৱতী।৮ মহীয়া প্ৰসূতি মাতৃ সুশীল দাসৰ পত্নী।মনতে আশা পুহি ৰাখিছিল, শ্ৰম কৰি পোৱা কিছু পইচা জমা কৰি গৈছিল সুশীল দাসে।কাৰণ সেই টকা পত্নীৰ সন্তান প্ৰসৱৰ সময়ত প্ৰয়োজন হব।কিন্তু যোৱা নিশা দেওশালত সংঘটিত ট্ৰাক দুৰ্ঘটনাই সকলো সপোন চুৰমাৰ কৰি নিলে সুশীলৰ।

এতিয়া পত্নী কান্দোনত ভাগি পৰিছে।কাষৰ মানুহ বোৰে বহুত বুজাবলৈ চেষ্টা কৰিছে যদিও কান্দোন বন্ধ কৰিব পৰা নাই।শোকত ভাগি পৰিছে।কোনে লব সেই দৰিদ্ৰ পৰিয়াল টোৰ দায়িত্ব।কিয় এনেদৰে তিনিটা কৈ দুৰ্ভগীয়া শ্ৰমিকৰ পৰিয়াল লৈ এনে দুৰ্যোগ অকস্মাত আহিব লগা হল।যিয়ে শুনিছে এই দুৰ্ঘটনাৰ কথা সকলোৱে এবাৰ হলেও চকুলো মচিছে।

মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ মৰ্গত আছে তিনিওজন শ্ৰমিকৰ নিঠৰ দেহ কেইটা।মৰণোত্তৰ পৰীক্ষাৰ পিছতেই নিজ নিজ গৃহলৈ লৈ অনা হব মৃতদেহ।আৰু এনেদৰেই বহু দৰে বুকু উদং কৰি গৈছে পথ দুৰ্ঘটনাই। সঘনাই বৃদ্ধি পোৱা দুৰ্ঘটনা বোৰ ৰোধ কৰিবলৈ সক্ষম হোৱা নাই।শিল, বালি, মাটি আৰু বাঁহ কঢ়িয়াই থকা যান বাহনসমূহৰ চালক সকলক লৈ জিলা পৰিবহন বিভাগ বা সংশ্লিষ্ট প্ৰসাশনে সময়ে সময়ে সজাগতা সভা পাতি নীতি নিয়ম সমূহ অৱগত কৰোৱাটো জৰুৰী।

কেৱল গাড়ীৰ চালকৰ পৰা ফাইন কাটি দায়িত্ব সামৰি বহি থাকিলেই নহব।কাৰণ যোৱা নিশা যিখন বাঁহৰ ট্ৰাকত বালিৰ ট্ৰাক খনে পিছফালৰ পৰা খুন্দা মৰাৰ সময়ত বাঁহ বোৰ দেখা পোৱা নাছিল।বাঁহৰ আগ বোৰত কোনো ধৰণৰ নিচান বান্ধি দিয়া হোৱা নাছিল।
অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ পৰা আমিও আশা কৰিম,আৰু এনে হৃদয় বিদাৰক ঘটনা সংঘটিত নহওক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in