স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা I-20 য়ে মহতিয়ালে ২ গৰাকী ছাত্ৰীসহ ৩খন বাহনঃ আহতৰ সংকটজনক অৱস্থা…

স্কুলীয়া শিক্ষাৰ্থী কঢ়িওৱা I-20 য়ে মহতিয়ালে ২ গৰাকী ছাত্ৰীসহ ৩খন বাহনঃ আহতৰ সংকটজনক অৱস্থা…

ডিজিটেল সংবাদ নাহৰকটীয়াঃ নাহৰকটীয়া চহৰৰ মাজমজিয়াৰ পুৰণি থানাৰ সন্মুখত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। জানিবলৈ পৰা মতে দুলীয়াজান দিশৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িয়াই অনা এ এছ-২৩ কে-১৯১৯ নম্বৰৰ হুণ্ডাই আই টুৱেন্টি গাড়ী খনে বিপৰীত দিশে পথৰ দাঁতিত ৰৈ থকা এ এছ-০১ এম-৬৪৬৬ নম্বৰৰ মাৰুতি জেন, এ এছ-০৬-এডি-৪৭৭৫ নম্বৰৰ মাৰুতি বেলেন' আৰু এ এছ-২৩ এ চি-৯৭৬৩ নম্বৰৰ এখন টাটা এছি গাড়ী মহটিয়াই নিয়ে ।

পথ দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে তীব্ৰবেগী আই টুৱেন্টি গাড়ী খনে উক্ত গাড়ী কেইখন মহটিয়াই নিয়াৰ উপৰিও চাইকেলেৰে ঘৰলৈ আহি থকা নাহৰকটীয়া জাতীয় বিদ্যালয়ৰ দুগৰাকী ছাত্ৰী তথা নাহৰকটীয়া তৰানী পথাৰৰ পুনম নিৰ্মলীয়া আৰু দ্বিপশিখা নিৰ্মলীয়াক মহটিয়াই গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত কৰে ।

দুৰ্ঘটনা সংঘটিত কৰা আই টুৱেন্টি বাহনখনে দুলীয়াজানৰ দিল্লী প্লাৱিক স্কুলৰ পৰা কঢ়িয়াই অনা শ্ৰেয়েছ ৰামাৱত,অনন্যা ৰামাৱত আৰু গীৰিত আগৰৱাল নামৰ ছাত্ৰ-ছাত্ৰী কেইগৰাকী কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হৈছে।ইফালে গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰী দুগৰাকীক প্ৰথমে নাহৰকটীয়া দীঘলা পথাৰ স্থিতি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনাটো গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা দ্বীপশিখা নিৰ্মলীয়াৰ অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই নাহৰকটীয়া আৰক্ষী থানাৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈয় জ্যোতিষ জয়ছোৱাল নামৰ গাড়ী চালক জনক আটক কৰি জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in