ঘিলামৰাত ঘাইপথ এৰি হাবিত সোমাল বিলাসী বাহন…

ঘিলামৰাত ঘাইপথ এৰি হাবিত সোমাল বিলাসী বাহন…

ডিজিটেল সংবাদ ঢকুৱাখনা: গোগামুখ ঘিলামৰা সংযোগী ২২নং ৰাজ্যিক ঘাইপথত দেওবাৰে সংঘটিত হ'ল এক পথ দুৰ্ঘটনা । দেওবাৰে বিয়লি প্ৰায় ৫-২৫ বজাত  ৪ গৰাকী  ব্যক্তিয়ে এ এছ ০৬- এ বি -৫৫৪৮ নম্বৰৰ এখন মাৰুটি বেলেন' গাড়ীৰে তীব্ৰ গতিত গোগামুখৰ পৰা  ঘিলামৰা অভিমুখে আহি আছিল।  এনে সময়তে বৰদৈ তিনিআলি পাৰ হৈ মহবল অংশৰ  কেঁকুৰী পাৰ হোৱাৰ সময়তে  প্ৰচণ্ড গতিত অহা বিলাসী বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায়  ৩০ মিটাৰ নামি গছৰ ফাঁকেৰে চুচৰি গৈ হাবিত থমকি ৰয় ।

গাড়ীখনত থকা ৪ গৰাকী ব্যক্তিৰ ভিতৰত ঢকুৱাখনা মাতমৰা অঞ্চলৰ বংশীধৰ দলে(২৬) নামৰ যুৱকজন  গুৰুতৰ ভাৱে মূৰ , বুকু আৰু ভৰিত গুৰুতৰ ভাবে জখম হোৱাৰ লগতে এখন হাত ভাঙি যায়। পাছত  স্থানীয় ৰাইজৰ সহযোগত ঘিলামৰা আৰক্ষীয়ে তৎপৰতাৰে ঘটনা স্থলীত উপস্থিত হৈ গুৰুতৰ ভাবে জখম হোৱা বংশীধৰ দলেক গোগামুখ সামূহিক চিকিৎসালয়লৈ প্ৰাথমিক চিকিৎসাৰ বাবে লৈ যায় ।  

স্থানীয় ৰাইজে জনোৱা মতে অনিয়ন্ত্ৰিত গতি আৰু  উশৃংখল ভাবে গাড়ী চলোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হবলৈ পালে ।  আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত গাড়ীখন ঘিলামৰা থানালৈ আনি জব্দ কৰিছে আৰু এক গোচৰ পঞ্জীয়ন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in