উৎসৱৰ আনন্দৰ মাজতে অঘটনঃ পথ দুৰ্ঘটনাত বিধ্বস্ত বাহন, গুৰুতৰভাৱে আহত পিতা-পুত্ৰ…

উৎসৱৰ আনন্দৰ মাজতে অঘটনঃ পথ দুৰ্ঘটনাত বিধ্বস্ত বাহন, গুৰুতৰভাৱে আহত পিতা-পুত্ৰ…


ডিজিটেল সংবাদ বকো: কামৰূপ জিলাৰ বকোত মঙ্গলবাৰে এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয় । ঘটনাৰ বিৱৰণ মতে বকো থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ হনুমান মন্দিৰৰ সন্মুখত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটী অভিমুখে গৈ থকা এ এছ-২৫/চিচি-৩২৫৬ নম্বৰৰ টাটা আইৰিছ খনে বিপৰীত দিশৰ পৰা গৈ থকা এ এছ-০১/ই পি-৫১২৯ নম্বৰৰ হোণ্ডা আমেজখনক তীব্ৰ বেগেৰে খুন্দা মাৰে।

ফলত টাটা আইৰিছখনত থকা পিতা-পুত্ৰ ক্ৰমে বাবুল ৰাভা (৩৮) আৰু নিতুল ৰাভা (১৬ ) গুৰুতৰ ভাৱে আহত হয় । দুয়োকে লগে লগে ৩০খন বিচনাযুক্ত বকো গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে দুয়োৰে ঘৰ বকোৰ নামপথাৰ গাঁৱত।আনহাতে দুৰ্ঘটনাত দুয়োখন গাড়ী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in