শেহতীয়া খবৰ
বৰমাৰ লোহিত মোছাহাৰীৰ বদন্যতাঃ নিজৰ পুথিভঁৰালৰ দুই সহস্ৰাধিক গ্ৰন্থ দান কৰিলে বড়ো থুনলাই আফাদক...  •  চুপাৰি চুৰিত অভিযুক্ত তিনিজনক জে'ললৈ প্ৰেৰণ....  •  ৪ শ্ৰমিকক আক্ৰমণ কৰা নাহৰফুটুকীক মৰিয়াই মৰিয়াই হত্যা...  •  বাক্সাত তৰমুজৰ খেতি পৰিদৰ্শন বি টি আৰৰ কাৰ্যবাহী সদস্যৰ...  •  নগাঁৱত চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দঃ এজনক আটক...  •  সিংহ যুৱক তথা প্ৰাক্তন মন্ত্ৰী ললিত চন্দ্ৰ ৰাজখোৱাক সোঁৱৰণ অগপ,আছুৰ...  •  নাট্য সন্মিলনৰ নগাওঁ কেন্দ্ৰীয় অধিবেশন স্থগিত...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  ব্যতিক্ৰম আনন্দ মহিন্দ্ৰাঃ পেৰা অলিম্পিকত স্বৰ্ণজয়ী অৱনীলৈ আগবঢ়ালে বিশেষ বিলাসী বাহন...  •  সন্মুখত গণৰাজ্য দিৱসঃ ১১.২লাখ টকাৰ ৰাষ্ট্ৰীয় পতাকাৰে সাজু অসম খাদী ব’ৰ্ড...

বাইহাটাত পথ দুৰ্ঘটনাঃ বিহুৰ ভোজখাই ঘৰলৈ উভতাৰ পথত নিহত দুজন…

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ভোগালী বিহুৰ আনন্দ উলাহৰ মাজতে কেইবা ঠাইতো সংঘটিত হৈছে পথ দুৰ্ঘটনা। বাইহাটা চাৰিআলিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত শুকুৰবাৰে নিশা নিহত হ’ল দুজন বাইক আৰোহী। জানিব পৰা মতে বাইক আৰোহী দুয়োজনেই বিহুৰ ভোজ খাই গৈ থকাৰ অৱস্থাতে এখন ট্ৰাকে বাইকখনক মহতিয়াই নিয়ে। ফলত বাইকখনত থকা দুয়োজনৰে মৃত্যু হয়।

মৃত্যু হোৱা বাইক চালক আৰু আৰোহীজনৰ নাম ছাহিদ আলী আৰু মাফিকুল আহমেদ। ইয়াৰে ছাহিদ আলীৰ ঘৰ দৰঙত আৰু মফিকুলৰ ঘৰ কমলপুৰত বুলি জানিব পৰা গৈছে। আনহাতে পহিলা মাঘৰ দিনাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মৃত্যু হৈছে কেইবাজনো লোক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি