দ্বি-বিভক্ত আৰএমচিত পুনৰ আভ্যন্তৰীণ সংঘাত

দ্বি-বিভক্ত আৰএমচিত পুনৰ আভ্যন্তৰীণ সংঘাত

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বিটিএডি অঞ্চলত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ স্বাৰ্থত গঠন হোৱা আৰ এম চি দ্বি-বিভক্ত হোৱাৰ পিছত বিপিএফ দলে আৰ এম চিৰ বিভাজন আঁতৰাই একত্ৰিকৰণ কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণৰ সময়ছোৱাতে পুনৰ আভ্যন্তৰীণ সংঘাতত জৰ্জৰিত হৈছে আৰ এম চি৷

উল্লেখ্য যে, কোকৰাঝাৰত আৰ এম চিৰ আমিনুৰ গোটৰ সাধাৰণ সম্পাদক ছেলিম আহমেদ খানে বুধাবাৰে এক বিবৃতিযোগে সংগঠনৰ নীতি নিয়মক জলাঞ্জলি দি কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাৱে কাম কৰা বুলি অভিযোগ উত্থাপন কৰি আমিনুৰ ৰহমানক আৰ এম চিৰ সভাপতি পদবীৰ পৰা অপসাৰন কৰে। ইয়াৰ পিছতে জাঙুৰ খাই উঠিছে আৰ এম চিৰ সভাপতি আমিনুৰ ৰহমান৷

বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত আমিনুৰ ৰহমানে তেওঁৰ ওপৰত উঠা অভিযোগ খণ্ডন কৰি কয় যে সংগঠন এটা চলাবলৈ হ'লে সংগঠনৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সিদ্ধান্ত ল'ব পাৰে৷ তেনেক্ষেত্ৰত সংগঠনৰ দুই এজন ব্যক্তিয়ে তেওঁক সংগঠনৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাটো ভিত্তিহীন বুলি দাবী কৰে আমিনুৰ ৰহমানে৷

আমিনুৰ ৰহমানে কয় যে তেওঁৰ সৈতে প্ৰতিখন জিলা সমিতিৰ লগতে সংগঠনৰ যুৱ আৰু মহিলা গোট আছে৷ সংবাদমেলত আমিনুৰে আক্ষেপ ব্যক্ত কৰি কয় সংগঠনৰ নীতি আদৰ্শ মতেই কাম কৰি থকা সময়তে সংগঠনৰ দুই এজন ব্যক্তিয়ে বি পি এফৰ বিৰুদ্ধে আৰু সাংসদ নৱ কুমাৰ শৰণীয়াৰ সপক্ষে কাম কৰাৰ বাবে তেওঁক হেচাঁ দিছিল৷ কিন্তু আৰ এম চিৰ সভাপতি পদত থাকি তেওঁ কেৱল জাতিৰ স্বাৰ্থত কাম কৰি যাব বুলি আঁকোৰগোজ স্থিতি লোৱাত তেওঁৰ বিৰুদ্ধে কু অভিসন্ধি ৰচা বুলিও দাবী কৰে আমিনুৰে।

প্ৰনিধানযোগ্য যে, কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত যোৱা ১৪ অক্টোবৰত হাগ্ৰামা মহিলাৰীৰ পৰামৰ্শত প্ৰাক্তন কাৰ্যবাহী সদস্য শোভাৰাম বসুমতাৰী আৰু মিঠাৰাম বসুমতাৰীৰ তত্বাৱধানত আৰ এম চিৰ আমিনুৰ আৰু আফজল গোটক একত্ৰিকৰণ কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল৷ তেনে সময়তে আৰ এম চিত কন্দল সৃষ্টি কৰি দুই এজনে চক্ৰান্ত ৰচাত বিপিএফ দলৰ মাজত বিষয়টোয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷

তদুপৰি বি পি এফৰ ভাতৃ সংগঠন আৰ এম চিত কেৱল পদবীৰ লোভত বিভাজন সৃষ্টি কৰি কিছুু মুুুুনাফালোভী ব্যক্তিয়ে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কাম কৰাত বিটিএডিৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

আজিৰ সংবাদমেলত উপ সভাপতি ক্ৰমে- আব্দুল ৰফিক, আমজাদ আকন্দ, মজিবৰ ৰহমান আৰু বাছিৰণ বিবিৰ লগতে মুখ্য উপদেষ্টা সৌকত আলি আহমেদো উপস্থিত থাকে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in