দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব আৰজেডি নেতা তেজস্বী যাদব…

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব আৰজেডি নেতা তেজস্বী যাদব…

ডিজিটেল ডেস্ক : অসম ভ্ৰমনলৈ আহিব বিহাৰৰ বিৰোধী দলপতি তেজস্বী যাদব । ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদবে দুদিনীয়া ভ্ৰমণ সূচীৰে অসম ভ্ৰমন কৰিব । শুকুৰবাৰে সন্ধিয়া ৫ বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত হ'ব আৰজেডিৰ নেতা গৰাকী ।

শুকুৰবাৰে জালুকবাৰী ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ দৰ্শন কৰাৰ লগতে এখন সংবাদমেল সম্বোধন কৰিব নেতা গৰাকীয়ে । আনহাতে ২৭ ফেব্ৰুৱাৰী শনিবাৰে ৰাতিপুৱা ৭ বাজি ৩০ মিনিটত কামাখ্যা দৰ্শন কৰিব । শনিবাৰে ৰাতিপুৱা ১০ বজাৰ পৰা ১.৪৫ বজালৈ বিভিন্ন স্থানীয় অনুষ্ঠানত অংশ লোৱাৰ লগতে এক সংবাদমেল সম্বোধন কৰিব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in