গুৱাহাটী প্ৰেছ ক্লাৱত ঋতুপৰ্ণ দাসৰ নাটক ‘ইত্যাদি’ৰ শুভ মহুৰত অনুষ্ঠান…

গুৱাহাটী প্ৰেছ ক্লাৱত ঋতুপৰ্ণ দাসৰ নাটক ‘ইত্যাদি’ৰ শুভ মহুৰত অনুষ্ঠান…

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাৱৰ নৱ গঠিত সমিতিখনে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলৰ দ্বাৰা শীঘ্ৰেই এখন পূণাংগ নাট মঞ্চস্থ হ'ব। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আবেলি ৩ বজাত এই নাট খনিৰ শুভ মহুৰত অনুষ্ঠান অনুষ্ঠিত হয়।নাটকখনৰ নাট্যকাৰ ঋতুপৰ্ণ দাস। 'ইত্যাদি' নামৰ এই নাটকখনিত সাংবাদিকসকলে সংবাদ সেৱা আগৱঢ়াই থাকোতে কেনেধৰণৰ সংবেদনশীল পৰিস্থিতিৰ মুখামুখি হয় তাকেই অভিনয় মাজেৰে প্ৰকাশ কৰা হ'ব বুলি জানিবলৈ দিছে নাট্যকাৰজনে।

অসমৰ চিনেমাজগত বলিষ্ঠ অভিনেতা তপন দাস আৰু নতুন দিল্লীস্থিত ইণ্ডিয়ান ইন্সটিটিউট অৱ মাছ কমিউনিকেশ্যনছৰ সহযোগী অধ্যাপক স্বাস্বতী গোস্বামীয়ে সোমবাৰৰ মহুৰত কাৰ্যসূচী সম্পাদন কৰে।স্বাস্বতী গোস্বামীয়ে কয় যে ঋতুপৰ্ণ দাসৰ নাটকৰ ৰীতিও সুকীয়া আৰু এই নাটকসমূহে সদায় এক নতুনত্ব বহন কৰে।তেওঁ এইবাৰো দৰ্শকে এখন ভাল নাটক পাব বুলি মন্তব্য কৰি সাংবাদিক সকলে নিজৰ ৰুচিপূৰণৰ বাবে নাট খন বাচি লোৱাটোও এটা গুৰুত্বপূৰ্ণ কথা বুলি মন্তব্য কৰে।

অভিনেতা তপন দাসে নাটখনৰ এটি সংলাপ কৈ নাটখনে দৰ্শকৰ মন মগজুক জোকাৰি যাব বুলি আশা ব্যক্ত কৰিছে।আজিৰ অনুষ্ঠানত আমাৰ অসম কাকতৰ ডেপুটী এডিটৰ গৌতম শৰ্মা অংশ লৈ কয় যে সাংবাদিকসকলে ইয়াৰ পূৰ্বে ২০২১ চনত ঋতুপৰ্ণ দাসৰ নাটক অলপ নুবুজা ডাৱৰ মঞ্চস্থ কৰিছিল বুলি উল্লেখ কৰি তেতিয়াই তেওঁ সাংবাদিক সকলৰ প্ৰতিভা আৰু উদ্যমৰ পৰিচয় পাইছিল বুলি মন্তব্য কৰে।

নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটকখনৰ প্ৰসংগত কয় যে, নাটকখনৰ জৰিয়তে উল্লিখিত গল্প দুটাই তেওঁৰ মনত কেনে ভাৱনা আৰু প্ৰতিক্ৰিয়াৰ জন্ম দিছিল তাৰ আধাৰতে তেওঁ চৰিত্ৰবোৰৰ বিন্যাস কৰিবলৈ চেষ্টা কৰিছে। তেওঁ লগতে কয় যে, এই নাটক খনৰ জৰিয়তে এজন সাংবাদিকে বাতৰি এটা সংগ্ৰহ কৰি তাক ৰুপ দি প্ৰকাশৰ পৰ্যায় এটা পোৱালৈ কৰা সামগ্ৰিক পৰিকল্পনাটোক তেওঁ নাটকখনৰ মাজেৰে প্ৰতিফলন কৰাৰ চেষ্টা কৰিছে।

বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীৰ "খোজৰ শব্দ" আৰু সত্তৰ দশকৰ প্ৰগতিশীল শিৱিৰৰ কবি গল্পাকাৰ তথা প্ৰয়াত সাংবাদিক পুতুল হাজৰিকাৰ "বুকুৰ কাঁইটৰ খোঁচ" নামৰ গল্প দুটাৰ দ্বাৰা অনুপ্ৰাণিত হৈ সাম্প্ৰতিক সময়ৰ এগৰাকী সচেতন নাট্যকাৰ ঋতুপৰ্ণ দাসে নাটখনি ৰচনা কৰিছে। নাটকখন পৰিচালনাও কৰিব নাট্যকাৰজনে।

উল্লেখ্য যে, মঙলবাৰৰ পৰা আখৰা আৰম্ভ হ'ব লগা নাটকখনি ফেব্ৰুৱাৰী মাহৰ দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে মঞ্চস্থ কৰাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটী প্ৰেছক্লাৱত অনুষ্ঠিত মহুৰত অনুষ্ঠানটিৰ আঁত ধৰে প্ৰেছ ক্লাৱৰ সহকাৰী সাধাৰণ সম্পাদক মনিষা হাজৰিকাই আৰু নাটকখনিৰ বিষয়ে সদৰী কৰে সাংস্কৃতিক সম্পাদক পল্লৱী শইকীয়াই।

আনহাতে অনুষ্ঠানটিৰ আদৰণি ভাষণ আগৱঢ়াই প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে।নাটখনিৰ দুটি শ্ৰব্য অভিনয় কৰে শান্তনু মহন্ত, জগদীশ ডেকা, মণীষা কলিতা আৰু মিতালী কোঁৱৰে। সোমবাৰৰ মহুৰত অনুষ্ঠানত প্ৰেছক্লাৱ সমিতিৰ সদস্যৰ লগতে মাই নিউজৰ সম্পাদক প্ৰণয় বৰদলৈ, প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰকে ধৰি ভালেকেইজন বিশিষ্ট সাংবাদিক, সংবাদকৰ্মী আৰু নাট্যকৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in