আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাক ৰিতুলৰ মাতৃয়ে তামোল পানৰ শৰাই আগবঢ়াই পুত্ৰক উদ্ধাৰৰ আহবান…

আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাক ৰিতুলৰ মাতৃয়ে তামোল পানৰ শৰাই আগবঢ়াই পুত্ৰক উদ্ধাৰৰ আহবান…

ডিজিটেল সংবাদ,বেকাজান : লাকুৱাৰ তৈলক্ষেত্ৰৰ পৰা অপহৃত অ' এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ তিতাবৰ বৰহোলাৰ নাঙল গাঁৱৰ বাসগৃহত শনিবাৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত হয় । দুপৰীয়া যোৰহাট জিলা ছাত্ৰ সন্থা, তিতাবৰ মহকুমা ছাত্র সন্থা আৰু বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলৰ সৈতে আছুৰ নেতা গৰাকীয়ে উপস্থিত হৈ প্ৰথমে ৰিতুল অসুস্থ পিতৃ- মাতৃক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় ।

ৰিতুলৰ শেহতীয়া উদ্ধাৰ অভিযানৰ সন্দৰ্ভত পৰিয়ালৰ সৈতে বাৰ্তালাপত মিলিত হয় । ইফালে বিগত দহটা উকলি যোৱাৰ পিছতো চৰকাৰ ,আৰক্ষী প্ৰশাসন আৰু সেনাই ৰিতুলৰ অৱস্থিতিৰ কোনো সম্ভেদ উলিয়াব নোৱাৰা পৰিপ্ৰেক্ষিতত অপহৃত ৰিতুল শইকীয়াৰ মাতৃয়ে তামোল পানৰ শৰাই আগবঢ়াই পুত্ৰক বিচাৰি আনিবলৈ আহ্বান জনালে শংকৰজ্যোতি বৰুৱাক ।

শোকত ভাগি পৰা মাতৃ মঞ্জু শইকীয়া কয় মোৰ পুত্ৰ যতে আছে সুশৰীৰিৰে উভতাই দিয়ক । ইফালে অপহৰণ কাণ্ডৰ দহটা দিন অতিক্ৰম কৰাৰ পিছতো আজিলৈকে ৰিতুল শইকীয়াৰ কোনো শুংসূত্ৰ নোৱাৰাত আক্ষেপ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। পৰিয়ালটোক আশ্বস্ত কৰিব পৰাকৈ শীঘ্ৰেই সেনা- আৰক্ষী,অসম চৰকাৰক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাই আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ সংবাদ মাধ্যমৰ আগত কয় -অ 'এন জি চিৰ তিনি গৰাকী অপহৃতৰ ভিতৰত ৰিতুল শইকীয়াৰ এতিয়াও কোনো শুংসূত্ৰ নাই । তেওঁ কাৰ কবল আছে আমি নাজানো কিন্তু অসম আৰক্ষী এ ডি জি পি জি পি সিঙৰ মতে ৰিতুল বৰ্তমান আলফা স্বাধীনৰ কবলতে আছে ।

ইয়াৰ বিপৰীতে পৰেশ বৰুৱাই তেওঁলোকৰ তত্ত্বাৱধানত নাই বুলি কোৱাত এতিয়া পৰিয়ালটো বিবুদ্ধিত পৰিছে । চৰকাৰ, আৰক্ষী আৰু আলফা স্বাধীনৰ এনে বিভ্ৰান্তমূলক কথাই প্ৰকৃততে ৰিতুল পৰিয়ালক অধিক শংকিত কৰি তুলিছে । ৰিতুল শইকীয়াৰ পৰিয়ালৰ এনে জটিল পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ এটাই দাবী ৰিতুল শইকীয়া যাৰ কবলতেই নাথাকক শীঘ্ৰে মুকলি কৰি দিব লাগে ‌। কাৰণ পৰিয়ালৰ কাষত ৰিতুলৰ প্ৰয়োজন আছে ।

ৰিতুলে অসুস্থ বৃদ্ধ পিতৃ মাতৃৰ চিকিৎসাৰ দায়িত্ব বহন কৰিছিল। গতিকে এনে গৰাকী পৰিয়ালৰ দায়িত্বশীল ব্যক্তি আলফা স্বাধীন বা সেনাৰ হাততেই হওক মানৱতাৰ খাতিৰত মুকলি কৰি দিব লাগে। কোভিড মহামাৰী বাবে মানুহে কেনেকৈ জীয়াই থাকিম তাক লৈ শংকিত হৈ আছে তেনে সময়ত এনে অপহৰণ কাণ্ড কেতিয়াও যুক্তিসংগত নহয়। আছুৱে ৰিতুলক লৈ যাতে আলফা স্বাধীন ,চৰকাৰ আৰক্ষী অ এন জি চি আৰু সেনা কোনেও যাতে ৰাজনীতি নকৰে তাৰ বাবে আহবান জনায়।

ইফালে অপহৰণৰ দহটা দিন উকলি যোৱাৰ পিছতো অ এন জি চিৰ কোনো এজন উৰ্ধতম কৰ্তৃপক্ষই আজিলৈকে ৰিতুলৰ ঘৰত উপস্থিত হৈ খবৰ নোলোৱা কাৰ্যক ধিক্কাৰ দিয়ে শংকৰজ্যোতি বৰুৱাই । তেওঁ আৰু কয় যি গৰাকী কৰ্মচাৰীয়ে অ 'এন জি চিৰ কাম কৰিছে আৰু তেওঁক কৰ্মৰত অৱস্থাৰ পৰাই আলফা স্বাধীনে অপহৰণ কৰিছে সেই গৰাকী ব্যক্তিৰ ঘৰত খবৰ নোলোৱাতো অতি দুৰ্ভাগ্যজনক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in