৩১দিনৰ মূৰত ঘৰমুৱা ৰিতুল শইকীয়া…

৩১দিনৰ মূৰত ঘৰমুৱা ৰিতুল শইকীয়া…

ডিজিটেল সংবাদ বেকাজানঃ মাহজোৰা প্ৰবল উৎকণ্ঠা আৰু চৰম অনিশ্চয়তাৰ অন্ত পেলাই অৱশেষত ম্যানমাৰ ছাগাইঙি উপত্যকাৰ আলফা স্বাধীনৰ ভ্ৰাম্যমাণ শিবিৰৰ পৰা মুকলি কৰি দিয়া হৈছে অ 'এন জি চিৰ বৰহোলাৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক । আজি ম্যানমাৰ সীমান্ত পাৰ হৈ নাগালেণ্ডৰ মন জিলা লংৱাত প্ৰবেশ কৰে ৰিতুল শইকীয়াই । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ৰিতুলক মুকলি কৰি দিবলৈ আহবান জনোৱাৰ পিছতে তাৎক্ষণিক সঁহাৰি জনাই পৰেশ বৰুৱাই ছাগাইঙিৰ ভ্ৰাম্যমাণ শিবিৰলৈ ৰিতুলক সুৰক্ষিতভাৱে মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে ।

নগা বিদ্ৰোহী সংগঠন এন এছ চি এন কেৰ সহযোগত ঘন জংঘলৰ গোপন পথৰে কটকটীয়া নিৰাপত্তা দি বিয়লি আলফাই ইণ্ডো – ম্যানমাৰ সীমান্ত নগা লংৱাত গাঁৱত এৰি থৈ যায় । আজি ৰিতুল সুস্থ শৰীৰে নাগালেণ্ডৰ মন জিলাত উপস্থিত হ'য় । ৰিতুলক সেনা আৰু আছাম ৰাইফলছে নিজৰ জিম্মাত লৈ তেওঁক গাড়ীৰে লৈ অনা হৈছে । ভাৰতত মাটিত ভৰি থৈ এমাহজোৰা আলফা স্বাধীনৰ বন্দীত্ব সন্দৰ্ভত ৰিতুল শইকীয়াই কয় যে মোক যে এৰি দিলে বহুত ধন্যবাদ ।

মোৰ কণমানিটোলৈ বহুত মন পৰিছে । মোৰ ভৰিত আঘাত পাইছো । এমাহত বহুত খোজ কাঢ়িলো ঘৰত গৈ সকলো কম। ইফালে আলফা স্বাধীন সেনাধ্যক্ষ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহবানত আশ্বস্ত হৈ ৰিতুলৰ পত্নী পম্পী ওৰেফে শতাব্দী হাজৰিকা শইকীয়া আৰু পৰিয়ালক এশ ঘণ্টাৰ ভিতৰত সুস্থভাৱে ৰিতুলক মুকলি কৰি দিয়া হব বুলি নিশ্চিতি দিয়াত আজি বৰহোলাৰ ঘৰখন এতিয়া এক আনন্দৰ বন্যা বৈছে । আজি সমগ্ৰ দিনৰ স্বামীৰ মুক্তিৰ বতৰা পাবলৈ পম্পীয়ে কোলাত চাৰিমহীয়া সন্তানক লৈ প্ৰবল উৎকণ্ঠাৰে বাট চাই থাকিল । অৱশ্যে ইয়াৰ মাজতে কিছু সংবাদ মাধ্যমত ৰিতুলক নাগালেণ্ডৰ মন জিলাৰ চাংছা বস্তিত মুকলি কৰি দিয়া বুলি বাতৰি প্ৰকাশ পোৱা খবৰ লবলৈ গাওঁবাসী উপস্থিত হয় ।

কিন্তু সেয়া নিশ্চিত খবৰ নাছিল । ৰিতুলৰ পত্নীয়ে সংবাদ মাধ্যমক কয় — আজি সঁচাকৈয়ে বৰ আনন্দ লাগিছে। কালি সংবাদ মাধ্যমৰ যোগেদি পৰেশ বৰুৱা ডাঙৰীয়াই মোৰ স্বামী এৰি দিব বুলি নিশ্চিতি দিয়া শাহু মা- দেউতা আৰু দেওৰ সকলোৱে মুখলৈ পানী আহিছে। যোৱা এমাহ ধৰি নিমাওমা হৈ থকা ঘৰখনলৈ আজি আনন্দৰ পৰিবেশ আহিছে। মোৰ মানুহজন যে আহি আছে তাতোকৈ সুখৰ খবৰ মোৰ বাবে এইমুহুত কি হব পাৰে । মই তেওঁৰ বাবে বাট চাই আছো ।

মাতৃ মঞ্জু শইকীয়াই পুত্ৰ মুকলি কৰি দিয়া খবৰ পাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ধন্যবাদ দিয়ে । উল্লেখযোগ্য যে বিগত এমাহ ধৰি চৰম শংকা আৰু উদিগ্নতা থকা ৰিতুল শইকীয়াৰ বৰহোলাৰ ঘৰখনলৈ অৱশেষত পুৰ্বৰ পৰিবেশ ঘুৰি আহিবলৈ আৰম্ভ কৰিছে । ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in