মন্ত্ৰী স্বামীৰ বাবেই ছ’চিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য হৈছে নেকি ৰীতা চৌধুৰী…

মন্ত্ৰী স্বামীৰ বাবেই ছ’চিয়েল মিডিয়াত আক্ৰমণৰ লক্ষ্য হৈছে নেকি ৰীতা চৌধুৰী…

ডিজিটেল সংবাদ, গুৱাহাটীঃ ছ'চিয়েল মিডিয়াত ৰীতা চৌধুৰীৰ পদত্যাগক লৈ ব্যাপক চৰ্চা চলিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছতে এন বি টিৰ সঞ্চালক পদৰ পৰা বিশিষ্ট সাহিত্যিকগৰাকীয়ে কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে পদত্যাগ কৰাক লৈ বিভিন্নজনে মন্তব্য কৰিছে। অৱশ্যে ১৫ দিনৰ পূৰ্বেই ৰহস্যজনক কাৰণত ৰীতা চৌধুৰীয়ে এই পদৰ পৰা অব্যাহতি বিচাৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল। উল্লেখ্য যে, এই পদত অধিষ্ঠিত হোৱা তেৱেঁই আছিল প্ৰথমগৰাকী অসমীয়া।

বিশিষ্ট সাহিত্যিকগৰাকীক উদ্দেশ্যি ছ'চিয়েল মিডিয়াতে একাংশ লোকে প্ৰশ্ন কৰিছিল ডা০ ধ্ৰুৱজ্যোতি বৰা, ৰীতা চৌধুৰী প্ৰমুখ্যে যিসকল বিশিষ্ট ব্যক্তি বিভিন্ন চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ পদত আছে, তেওঁলোকে পদত্যাগ কৰিব পাৰিবনে?

আনে নালাগে, 'এই সময় সেই সময়' উপন্যাসৰ স্ৰষ্টাগৰাকীক এজনে প্ৰশ্ন কৰিছে- বাইদেউ এতিয়া আপুনি এনে এখন উপন্যাস লিখিলে অদিতি চৌধুৰী আৰু তেওঁৰ পতিৰ চৰিত্ৰটো কিদৰে অংকন কৰিব?

উপন্যাসখনত এটা অংশংত ৰীতা চৌধুৰীয়েে আলফালৈ যোৱা এজন যুৱকৰ পৰিয়ালৰ কথা বৰ্ণনা কৰিছিল। হাতযোৰ কৰি নিজৰ পুতেকক গামোচা পিন্ধাই জাতীয় সংগ্ৰামলৈ আগবঢ়াই দিয়াৰ বৰ্ণনা আছিল তাত। ৰীতা চৌধুৰীৰ সেই উপন্যাসৰ অংশটো পঢ়ি চাবলৈ আহ্বান জনাইছিল এজন সাহিত্যৰ ছাত্ৰই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰে নে বিৰোধিতা কৰে তাৰো স্পষ্ট উত্তৰ বিচাৰিছিল ৰীতা চৌধুৰীৰ পৰা। আনকি স্বামী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰসংগ টানি আনি এজনে ৰীতা চৌধুৰীক ছ'চিয়েল মিডিয়াত আক্ৰমণ লক্ষ্য কৰি লৈ চহিদুল ইছলাম নামৰ এজনে ফেচবুকত লিখিছিল- 'আপুনি কাৰ ছোৱালী সেইটো মনত ৰাখিব ৷ যিজন ব্যক্তিয়ে অসম ৰক্ষাৰ বাবে "জাতিৰক্ষী বাহিনী" গঠন কৰিছিল তেনে পুৰোধা ব্যক্তিৰ ছোৱালী হৈ কেৱল এনেদৰে নাটকীয় সংলাপ দি কি বুজাব খুজিছে বাৰু! আপুনি অসমীয়াৰ পক্ষত থিয় দি কওঁক আপোনাৰ স্বামীৰ পাপৰ ভাগ আপুনি নলয় বুলি।'

ৰীতা চৌধুৰীক একাংশই আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত ছ'চিয়েল মিডিয়াত ৰীতা চৌধুৰীয়ে বুধবাৰে সন্ধিয়া ৬.৪৫ বজাত এটা ষ্টেটাছ দিছিল। য'ত তেওঁ লিখিছিল- মই অসমীয়া। ভাৰতৰ মূল ভূখণ্ডত থিয় হৈ কৰা এটি ঘোষণা।

আনকি একাংশই 'অসমীয়া প্ৰতিদিন'ৰ ৭ জানুৱাৰীত প্ৰকাশিত এক বাতৰি ছ'চিয়েল মিডিয়াত আপলোড কৰি ৰীতা চৌধুৰীক প্ৰশ্ন কৰিছিল- আপুনি বাৰু অসমীয়া, আপোনাৰ স্বামী অসমীয়া হয় নে নহয়? কিয়নো এই বাতৰিত উল্লেখ আছিল নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপিত আৰু গৃহীত হোৱাৰ পূৰ্বে অগপ নেতৃত্বই সাক্ষাৎ কৰিছিল গৃহমন্ত্ৰী ৰাজনাথ সিঙক। অগপ নেতৃত্বই সাক্ষাৎ কৰাৰ আগতে এই বিধেয়কৰ সপক্ষে ৰাজনাথ সিঙক বুজনি দিছিল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আনকি আগৰ ৰীতা চৌধুৰী ৰাজনৈতিক পাকচক্ৰত পৰি হেৰাই গ'ল বুলি কটাক্ষ কৰিছিল একাংশই। জয়দ্বীপ মিলি নামৰ এজনে ৰীতা চৌধুৰীক উদ্দেশ্যি লিখিছিল- 'বাইদেউ ত্ৰিপুৰা বাসীয়েও ভাৰতবৰ্ষৰ মূল ভূখণ্ডত থিয় হৈ ত্ৰিপুৰী বুলিয়েই কব বিচাৰে। কিন্তু ত্ৰিপুৰীৰ বৰ্তমানৰ অৱস্থা কি আপুনি নিশ্চয় নেদেখিলেও কাগজে পত্ৰই পঢ়িছে। কথা হ'ল অসম আন্দোলনে বনোৱা নেতা আপোনাৰ স্বামীৰ মন্তব্যকে আপুনি সমৰ্থন কৰে নেকি? আপুনিও অসম আন্দোলনত যথেষ্ট সক্ৰিয়তা প্ৰদৰ্শন কৰিছিল আৰু এতিয়া ক্ষমতাৰ বাবে আপুনিও অন্ধৰ ভাও ধৰিছে নে অকমন্য স্বামীৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ বাবে নিবুকা চামুন হৈয়ে থাকিব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in