শিশু কালতে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰিছিল ঋষি কাপুৰে…

শিশু কালতে ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড লাভ কৰিছিল ঋষি কাপুৰে…

ডিজিটেল ডেস্কঃ লাখ লাখ অনুৰাগীলৈ পুৱাই আহিল বেয়া খবৰ। বিশিষ্ট অভিনেতা ঋষি কাপুৰ আৰু নাই। বৃহস্পতিবাৰে পুৱাই মৃত্যু হ'ল সকলোৰে প্ৰিয় অভিনেতাগৰাকীৰ। ৪ ছেপ্তেম্বৰ, ১৯৫২ চনত ঋষি কাপুৰৰ জন্ম হৈছিল। তেওঁ একেধাৰে অভিনেতা, পৰিচালক আৰু প্ৰযোজক আছিল। ১৯৭০ চনত পিতৃ ৰাজ কাপুৰে নিৰ্মাণ কৰা ছবি মেৰা নাম জ'কাৰৰ বাবে শিশু শিল্পী হিচাপে তেওঁ নেশ্যনেল ফিল্ম এৱাৰ্ড পাইছিল।

প্ৰথমবাৰৰ বাবে তেওঁ ববি ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত নিৰ্মিত এই ছবিখনৰ বাবে তেওঁ ১৯৭৪ চনত Filmfare Best Actor Award লাভ কৰিছিল। ১৯৭৩ চনৰ পৰা ২০০০ চনৰ মাজত তেওঁ ৯২ খন ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০১১ চনত তেওঁ Filmfare Critics Award for Best Actor বঁটা লাভ কৰিছিল।

কাপুৰ এণ্ড ছনছ ছবিৰ বাবে তেওঁ ২০১৭ চনত Filmfare Award for Best Supporting Actor লাভ কৰিছিল। ২০০৮ চনত তেওঁ Filmfare Lifetime Achievement Award লাভ কৰিছিল। এইচএন ৰিলায়েন্স হাস্পতালত মৃত্যু হোৱা অভিনেতাগৰাকীয়ে পত্নীৰ লগত ১২ খন ছবিত অভিনয় কৰিছিল।

পিতৃ ৰাজ কাপুৰ আৰু মাতৃ কৃষ্ণ ৰাজ কাপুৰৰ তেওঁ দ্বিতীয় সন্তান আছিল। তেওঁ ককাক আছিল জনপ্ৰিয় অভিনেতা পৃথ্বীৰাজ কাপুৰ। মুম্বাই আৰু আজমীৰতে তেওঁ শিক্ষাগ্ৰহণ কৰিছিল। তেওঁলোকৰ পৰিয়ালৰ অভিকাংশ লোকেই আছিল একো একোগৰাকী জনপ্ৰিয় অভিনেতা। উল্লেখ্য যে, মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in