জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প প্ৰাৰ্থী ৰিণিকি ভূঞা শৰ্মা!…

জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প প্ৰাৰ্থী ৰিণিকি ভূঞা শৰ্মা!…

ডিজিটেল সংবাদ, বাইহাটা চাৰিআলিঃ অৱশেষত পুৰ্বে ঘোষণা কৰা সিদ্ধান্ত মৰ্মে চাৰিটাকৈ কাৰ্যকাল ধৰি একেৰাহে প্ৰতিনিধিত্ব কৰি অহা ৰাজ্যখনৰ মহাপ্ৰতাপী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা বিষয়টো স্পষ্ট হৈ পৰিছে৷ মন্ত্ৰীগৰাকীৰ স্থানত জালুকবাৰীত কোনে প্ৰতিদ্বন্দ্বিতা কৰিব সেই লৈ পৰ্যবেক্ষক মহলৰ মাজত মন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাৰ নাম উচ্চাৰিত হৈ আহিছিল যদিওঁ আন একাধিক মহলে মন্ত্ৰীগৰাকীৰ ঘনিষ্ঠ তথা "দাদা ব্ৰিগেদ"ৰ অন্যতম সদস্য তথা বৰ্তমানৰ ৰাজ্যখনৰ পৰ্যটন বিভাগৰ উপাধ্যক্ষ জয়ন্তমল্ল বৰুৱাক সমস্টিটোত ঠিয় কৰাব পাৰে বুলিওঁ ধাৰণা কৰিছিল৷

অৱশেষত সকলো জল্পনা কল্পনাৰ ওঁৰ পেলাই কাইলৈ মন্ত্ৰীপত্নী তথা এটা ব্যক্তিগত টিভি চেনেলৰ সন্সালিকা ৰিনিকি ভুঞা শৰ্মাৰ উপস্থিতিত বাইহাটা চাৰিআলি ছোৱালী হাইস্কুল প্ৰেক্ষাগৃহত অনুস্থিত হ'বলগীয়া সভাখনে এই বিষয়টো খাতাং কৰা বুলিয়েই ধাৰণা কৰিছে ভু-ৰখা মহলে৷

দেওবাৰে বিজেপি দলৰ জালুকবাৰী বিধানসভা সমস্টিৰ কৰ্মকৰ্তা তথা বেজেৰা মণ্ডল বিজেপিৰ দ্বাৰা কাইলৈ অনুষ্ঠিতব্য সভাখনৰ আয়োজন কৰি থকা পৰিলক্ষিত হোৱাৰ লগতে বেজেৰা গাওঁ পঞ্চায়ত সমিটিৰ দ্বাৰাওঁ সমষ্টিটোৰ বেজেৰা মণ্ডল এলেকাত লাউডস্পিকাৰ যোগে সভাখনৰ সন্দৰ্ভত ঘোষণা কৰি ৰাইজক সভাত উপস্থিত থকাৰ বাবে ঘোষণা কৰা হৈছে ৷

উ্ল্লেখ্য যে বিগত বিধানসভা নিৰ্বাচনত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সমষ্টিবাসীৰ কোনো মতামত নোলোৱাকৈ বিজেপি দলত যোগদান কৰা বিষয়টোত তেওঁৰ সমৰ্থকসকলৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিওঁ পিছলৈ সেয়া মন্ত্ৰী পত্নীৰ বুজনিত সেয়া মষিমূৰ হৈছিল৷ বিগত নিৰ্বাচনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুপস্থিত অকল মন্ত্ৰী পত্নী ৰিনিকি ভুঞা শৰ্মাৰ প্ৰচেষ্টাতে এগৰাকীয়ে লক্ষাধিক ভোট লাভ কৰিবলৈ সক্ষম হৈছিল ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in