২৭ জুলাইত উন্মোচন হ’ব ৰিজু বৰাৰ দুখন গ্ৰন্থ…

২৭ জুলাইত উন্মোচন হ’ব ৰিজু বৰাৰ দুখন গ্ৰন্থ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাৱত ২৭ জুলাইৰ পুৱা ১১ বজাত উন্মোচন হ'ব ৰিজু বৰাৰ দুখনকৈ গ্ৰন্থ। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ৰিজু বৰা মূলতঃ টেলি-কমিউনিকেশ্যন ক্ষেত্ৰৰে জড়িত আছিল। শেহতীয়াকৈ নিৰ্মাণ উদ্যোগৰে জড়িত হৈ নিৰ্মাণ পৰিকল্পনা বিশেষজ্ঞৰূপে নিয়োজিত হোৱা বৰাই লিখি উলিয়াইছে এখন গল্প সংকলন আৰু এখন কাব্য সংকলন।

গুৱাহাটী প্ৰেছ ক্লাৱত ২৭ জুলাইত উন্মোচন হ'বলগা ৰিজু বৰাৰ গল্প সংকলনখনৰ নাম 'আকাশৰ স্পন্দন' আৰু আনখন গ্ৰন্থ হ'ল কাব্য সংকলন- 'কবিতাৰ বালিযাত্ৰা'।

ৰিজু বৰাৰ গল্প সংকলন- 'আকাশৰ স্পন্দন' আৰু কাব্য সংকলন- 'কবিতাৰ বালিযাত্ৰা'

এই গ্ৰন্থ উন্মোচনী সভাত অঞ্জনজ্যোতি চৌধুৰী, মনিকুন্তলা ভট্টাচাৰ্য্য, কৌস্তভমণি শইকীয়া, পুলিন ডেকাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। প্ৰতিশ্ৰুতি প্ৰকাশনে প্ৰকাশ কৰিছে বৰাৰ এই গ্ৰন্থ দুখন।

নিৰ্মাণ খণ্ডৰে জড়িত ব্যস্ততাৰ মাজতো সাহিত্য চৰ্চাৰ জৰিয়তে এক সংবেদনশীল মনৰ প্ৰতিফলন ঘটাইছে এই গ্ৰন্থ দুখনৰ জৰিয়তে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in