ৰেম্পৱাক কৰিছিল ৰাস্তাত, দেউতাক ৰিক্সা চালক, জিনিলে ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ…

ৰেম্পৱাক কৰিছিল ৰাস্তাত, দেউতাক ৰিক্সা চালক, জিনিলে ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ…

ডিজিটেল ডেস্কঃ প্ৰত্যেক বছৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু দখল কৰে ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাই। কিন্তু এই বৰ্ষত যি বিষয়ৰ বাবে এই প্ৰতিযোগিতা চৰ্চিত হৈছে সেয়া পূৰ্বে কাহানিও হোৱা নাছিল। উল্লেখ্য যে ইতিমধ্যে ঘোষণা কৰা হৈছে ফেমিনা মিছ ইণ্ডিয়াৰ ফলাফল আৰু এই বৰ্ষত শীৰ্ষ স্থান দখল কৰিছে তেলেংগনাৰ মানসা বাজপেয়ীয়ে।

অন্যহাতে উত্তৰ প্ৰদেশৰ মান্যা সিয়ে প্ৰথম ৰানাৰ্চ আপ আৰু মনিকা শিয়োকাণ্ড দ্বিতীয় ৰানাৰ্চ আপ হয়। কিন্তু এই তিনিও গৰাকীৰ ভিতৰত চৰ্চাৰ শিৰোনামম দখল কৰিছে প্ৰথম ৰানাৰ্চ আপ মান্যা সিঙে।

দৰাচলতে মান্যা এই প্ৰতিযোগিতাত ভাগ লোৱা সেই গৰাকী প্ৰতিযোগী যিয়ে খুব সংঘৰ্ষপূৰ্ণ শৈশৱ আৰু যৌৱন অতিবাহিত কৰিছে। সামাজিক মাধ্যমত তেওঁৰ বহুতো পুৰণি ফোটোৰ লগতে তেওঁৰ পৰিয়ালৰ লগত সম্পৰ্কীত বহুতো ফটো ভাইৰেল হৈছে।

বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈছে মান্যাৰ আন এটি ভিডিঅ', যি ভিডিঅ'ত তেওঁ হিল পিন্ধি ৰাস্তাত ৰেপৱাক কৰা দেখিবলৈ পোৱা গৈছে। মান্যাই নিজৰ এটি ভিডিঅ' চেয়াৰ কৰি লিখিছে যে কয়লা কিদৰে হীৰা হ'ল। মান্যাৰ এই ভিডিঅ'টোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ইতিমধ্যে।

তেওঁ ফেমিনা মিছ ইণ্ডিয়াৰ ৰানাৰ্চ আপ মান্যা সিঙে আন এটা ভিডিঅ' চেয়াৰ কৰি কয় যে তেওঁ এগৰাকী ৰিক্সা চালকৰ কণ্যা আৰু তেওঁৰ শৈশৱ সংঘৰ্ষজনিত। তেওঁ লগতে উল্লেখ কৰে যে বহু এনে দিন তেওঁলোকে অতিবাহিত কৰিছে যিদিনা তেওঁ গোটেই দিন ধৰি লঘোনে থাকিব লগাত পৰিছে। তেওঁ ইয়াৰ লগতে মা-দেউতাকৰ সহায়ৰ কথাও উল্লেখ কৰে।

উল্লেখ্য যে মান্যা ১৪ বছৰ বয়সতে এবাৰ ঘৰৰ পৰা পলাইয়ো গৈছিল। পৰীক্ষাৰ ফিচ দিব নোৱাৰা সময়ত মাকে গহনা বিক্ৰী কৰিব লগা পৰিস্থিতিৰো মুখামুখি হ'ব লগা হৈছিল। মান্যা এনে বহু লোকৰ সাহস আৰু প্ৰেৰণা, যি হাজাৰ সংঘষৰ মাজতো যুঁজ অব্যাহত ৰাখে আৰু আগুৱাই নিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in