সাগৰপাৰত ইন্ধন ভৰ্তি জাহাজে পেলাইছে লংগৰ, তথাপিও দেশবাসীক ইন্ধন দিবলৈ অক্ষম শ্ৰীলংকা…

সাগৰপাৰত ইন্ধন ভৰ্তি জাহাজে পেলাইছে লংগৰ, তথাপিও দেশবাসীক ইন্ধন দিবলৈ অক্ষম শ্ৰীলংকা…

ডিজিটেল ডেস্কঃ এফালে দেশত ইন্ধনৰ অভাৱ আনফালে সমুদ্ৰ পাৰত ২ মাহ ধৰি ৰৈ আছে ইন্ধন ভৰ্তি জাহাজ। তথাপিও দেশৰ বাবে প্ৰয়োজনীয় ইন্ধন যোগান ধৰিব পৰা নাই শ্ৰীংলকাই। অৰ্থনৈতিক বিপৰ্যয়ত পৰি স্বৰ্ণলংকা পুনৰবাৰ ধ্বংসহোৱাৰ পিছত এতিয়া যেন ক্ৰমান্বয়ে দুৰ্ভিক্ষৰ মাজলৈ গতি কৰিছে দেশখন। নাই খাদ্য সামগ্ৰী, নাই প্ৰয়োজনীয় ঔষধ, নাই ইন্ধন আৰু প্ৰয়োজনীয় বহু কিবাকিবি।

বুধবাৰে শ্ৰীলংকাই কৈছে, দেশখনৰ সমুদ্ৰ বন্দৰত প্ৰায় ২ মাহ ধৰি আছেহি ইন্ধন ভৰ্তি জাহাজ। কিন্তু সেই ইন্ধন সংগ্ৰহ কৰিবলৈ দেশখনৰ হাতত নাই কোনো বৈদেশিক মুদ্ৰা। সেয়েহে শ্ৰীলংকাৰ চৰকাৰে দেশখনৰ নাগৰিকক এই ইন্ধনৰ বাবে শাৰী পাতি অপেক্ষা নকৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে, শ্ৰীলংকা চৰকাৰে কৈছে যে দেশখনত এতিয়াও মজুত আছে পৰ্যাপ্ত পৰিমাণে ডিজেল। কিন্তু চৰকাৰে ক'লেও জনতাক দিব পৰা নাই মজুত থকা সেই ডিজেল। দেশখনৰ শক্তি মন্ত্ৰী কাঞ্চনা ৱিজেচেকেৰাই সংসদক জনাইছে যে ২৮ মাৰ্চৰ পৰা শ্ৰীলংকাৰ জলসীমাত পেট্ৰ'ল ভৰ্তি এখন জাহাজে লংগৰ পেলাইছে।

তেওঁ কৈছে, পেট্ৰ'ল ভৰ্তি এখন জাহাজৰ বাবে পৰিশোধ কৰিবলৈ আমাৰ ওচৰত আমেৰিকান ডলাৰ নাই। ইয়াৰ উপৰিও, ২০২২ চনৰ জানুৱাৰীত অন্তিমখন অহা এখন ইন্ধন ভৰ্তি জাহাজৰ বাবে ৫৩ নিযুত ডলাৰ ঋণী হৈ আছে। মন্ত্ৰীজনে কৈছে যে সংশ্লিষ্ট জাহাজ কোম্পানীয়ে দুয়োটা ঋণ পৰিশোধ নিষ্পত্তি নোহোৱালৈকে জাহাজখন মুকলি কৰিবলৈ অস্বীকাৰ কৰিছে। সেয়েহে আমি লোকসকলক ইন্ধনৰ বাবে শাৰীত অপেক্ষা নকৰিবলৈ অনুৰোধ জনাইছো। ডিজেলৰ সৈতে কোনো সমস্যা নাই। কিন্তু, অনুগ্ৰহ কৰি পেট্ৰ'লৰ বাবে শাৰীত নাথাকিব। আমাৰ ওচৰত সীমিত পেট্ৰ'ল আছে আৰু ইয়াক অত্যাৱশ্যকীয় সেৱা, বিশেষকৈ এম্বুলেন্সৰ বাবে বিতৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in