কাজিৰঙাত সুৰক্ষাৰ ফোপোলা স্বৰূপ : ৩-৪ দিন পুৰ্বে চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল গঁড়…

কাজিৰঙাত সুৰক্ষাৰ ফোপোলা স্বৰূপ : ৩-৪ দিন পুৰ্বে চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল গঁড়…

 ডিজিটেল সংবাদ,বোকাখাত : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত মঙলবাৰে উদ্ধাৰ হোৱা প্ৰাপ্তবয়স্ক গঁড়টো চোৰাং চিকাৰীয়ে গুলীয়াই নিধন কৰি খৰ্গ কাটি নিয়াৰ কথাটো বুধবাৰে উদ্যান কৰ্ত্তৃপক্ষই প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ হনুমান বন শিবিৰ এলেকাৰ শিলেখুন্দা বিলত মঙ্গলবাৰে সন্ধিয়া বনকৰ্মীয়ে এটা খড়্গ বিহীন মৃত গঁড় উদ্ধাৰ কৰিছিল ।মঙলবাৰে নিশা হোৱাৰ বাবে তদন্ত কৰাত অসুবিধা হোৱাত আজি উদ্যানখনৰ বিষয়াই ঘটনাস্থলী তদন্ত কৰি এটা থ্ৰী নট থ্ৰী ৰাইফল খালী কাৰ্টিজ উদ্ধাৰ কৰে । ইফালে মৰনোত্তৰ পৰীক্ষা কৰাত গঁড়টোৰ শৰীৰত গুলী লগাৰ চিহ্ন পোৱালৈ চাই এই গঁড়টো চোৰাং চিকাৰীয়ে গুলীয়াই নিধন কৰি খৰ্গ কাটি নিয়ে বুলি নিশ্চিত হয় ।

জানিব পৰা মতে কালি  ৰাষ্ট্ৰীয় উদ্যানখনৰ  বন সংমণ্ডল বিষয়াই উক্ত এলেকাত শগুণ উৰি থকা দেখা পোৱাত সন্দেহ কৰি তদন্ত কৰাত ঘটনাটো পোহৰলৈ আহে । উল্লেখযোগ্য যে,  মঙলবাৰে দিনৰ ভাগতেই  মৃত গঁড়টো উদ্ধাৰ হৈছিল যদিও ৰহস্যজনক ভাৱে  সাংবাদ মাধ্যমক নিশা আঠ বজাতহে অবগত কৰা হয় ।

ইফালে সূত্ৰ এটাই জানিব দিয়া মতে চোৰাং চিকাৰীয়ে গঁড় নিধন কৰা উক্ত হনুমান বন শিবিৰত মাত্ৰ এজনহে সুৰক্ষাকৰ্মী আছিল । যাৰ ফলত অটব্য অৰণ্যৰ মাজত এজন সুৰক্ষা কৰ্মীয়ে  টহল দিয়াটো অপাৰগ হোৱাৰ বাবেই চোৰাং চিকাৰীয়ে সুবিধা লৈ গঁড় নিধন কৰে বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে । অন্যহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ বনাঞ্চলিক বিষয়া চেলিম আহমেদ বদলি হোৱাৰ পিছত বোকাখাত বনাঞ্চলৰ বন বিষয়া  ইন্দ্ৰানী বৰগোহাইয়ক অতিৰিক্ত ভাৱে কহঁৰা দ্বায়িত্ব দিয়া হৈছিল । এগৰাকী বন বিষয়াই দুখনকৈ বনাঞ্চল তাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চলৰ দ্বায়িত্ব সুচাৰুৰূপে পালন কৰিব নোৱৰাৰ বাবেই চোৰাং চিকাৰীয়ে নিৰাপত্তাৰ দুৰ্বলতাৰ সুবিধা লৈ গঁড় নিধন কৰি খড়্গ কাটি নিয়বলৈ সক্ষম হল বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।

ইফালে সুদীৰ্ঘ ৯ মাহ বিৰতিৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এই গঁড়টো নিধন কৰি নিয়ে বুলি বন বিষয়াই প্ৰকাশ কৰে । অতি পৰিতাপৰ কথা যে কাজিৰঙাৰ কটকটীয়া নিৰাপত্তাৰ মাজতো অটব্য অৰণ্যৰ মাজত চোৰাং চিকাৰী প্ৰবেশ কৰি গুলীয়াই গঁড় নিধন কৰি খড়্গ কাটি নিয়াৰ পিছতো সুৰক্ষাকৰ্মীয়ে গমকেই পোৱা নাছিল । চোৰাং চিকাৰীয়ে গুলীয়াই গঁড় নিধন কৰাৰ ৩ – ৪ দিন পাছতহে খড়্গ বিহীন মৃত গঁড়টো উদ্ধাৰ হোৱা ঘটনাই কাজিৰঙাৰ নিৰাপত্তা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙাই দিছে । 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in