শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

১৫/২০ দিন পূৰ্বেই কাজিৰঙা হত্যা কৰিলে গঁড়, গমেই নাপালে বনবিভাগে…

ডিজিটেল সংবাদ বোকাখাতঃ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰেছনে অসম তথা ভাৰত চৰকাৰক গঁড় হত্যা ৰোধ কৰাৰ বাবে ধন্যবাদ জনোৱাৰ কেইটামান মুহূৰ্তৰ পিছতে কাজিৰঙাত উদ্ধাৰ হ’ল গঁড়ৰ মৃতদেহ। ৰাষ্ট্ৰীয় উদ্যানখনৰ শিলখুন্দা বন শিবিৰ এলেকাত উদ্ধাৰ কৰা হৈছে গঁড়টোৰ মৃতদেহ।

প্ৰায় ১৫ ৰ পৰা ২০ দিন পূৰ্বেই এই গঁড়টোক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। চোৰাং চিকাৰিয়ে এই গঁড়টোক হত্যা কৰাৰ সন্দেহ কৰিছে বনৰক্ষীয়ে। উদ্ধাৰ হোৱা গঁড়ৰ মৃতদেহটোৰ দেহত নাই খৰ্গ। ইতিমধ্যে গঁড়টোৰ মৃতদেহটো পঁচি উৱঁলি গৈছে। ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈছে। ইফালে বুধবাৰে নিশা ৮-৪৫ মিনিটত কাজিৰঙাৰ ভিতৰত বনৰক্ষীয়ে শুনিবলৈ পাইছিল গুলীৰ শব্দ। ইয়াৰ পিছতে বন বিভাগে চোৰাং চিকাৰিৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে।