দেশদ্ৰোহী পোষ্ট দিয়া ৰেহেনাৰ ভাষ্য কি আছিল…

দেশদ্ৰোহী পোষ্ট দিয়া ৰেহেনাৰ ভাষ্য কি আছিল…

পাকিস্তানৰ সমৰ্থনত ফেচবুকত পোষ্ট দিয়াক কেন্দ্ৰ কৰি আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী ৰেহেনা চুলতানাৰ বিৰুদ্ধে। বৰ্তমান আৰক্ষীয়ে ছাত্ৰী গৰাকীক বিচাৰি ঘৰলৈ গৈছিল যদিও, পোৱা নাই ছাত্ৰীগৰাকীৰ সন্ধান। আৰক্ষীয়ে গোচৰ ৰুজু কৰাৰ পিছতে ছাত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে আৰু একমাত্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত। চাওঁক সেই সাক্ষাৎকাৰৰ সম্পাদিত ৰূপ-

ৰেহেনাক সোধা হৈছিল- এই ধৰণে ছ'চিয়েল মিডিয়াত তেওঁ পোষ্ট কৰাটো সঁচানে? নে এয়া কাৰোবাৰ অপপ্ৰচাৰ? ৰেহেনা চুলতানা নামৰ যুৱতীগৰাকীয়ে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণক জানিবলৈ দিয়া মতে, তেৱেঁই দিছিল এই পোষ্ট। লগতে তেওঁ কয়, 'এই পোষ্টটো ময়েই দিছিলো। কিন্তু সেয়া আছিল প্ৰায় ৩ বছৰ পুৰণি।'

কিহৰ বাবে এনে এটা পোষ্ট দিয়া হৈছিল বুলি সোধাত ৰেহেনা চুলতানাই ভাৰত পাকিস্তানৰ এখন খেলৰ সময়ত ২০১৭ চনত এই পোষ্ট দিয়া বুলি কয়। ভাৰতে খুব বেয়া খেলাৰ বাবে তেনে পোষ্ট দিছিল বুলি স্বীকাৰ কৰে ৰেহেনাই।

দেশৰ বিৰুদ্ধে আৰু শত্ৰুৰাষ্ট্ৰ পাকিস্তানৰ সমৰ্থনত এনেদৰে পোষ্ট দিয়াটো ভুল বুলি উপলব্ধি কৰা নাছিল নেকি বুলি ৰেহেনাক সোধাত তেওঁ কয়, 'অতি আবেগিক হৈ এই পোষ্ট দিয়া হৈছিল।' ৰেহেনাই আৰু জানিবলৈ দিয়ে যে তেওঁৰ এজনী বান্ধৱীৰ সৈতে মিলি পাকিস্তানৰ সমৰ্থনত এনেদৰে দুটা পোষ্ট দিছিল।ভুল হৈছিল বুলি জানিয়েই ৰেহেনাই এক মিনিট মানৰ ভিতৰতে সেই পোষ্টটো ডিলিট কৰাৰ কথাও কয়।ৰেহেনাই ৩ বছৰৰ পাছত এই পোষ্টক লৈ আৰক্ষীয়ে গোচৰ ৰুজু কৰাক লৈ আশ্বৰ্য ব্যক্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in