মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মূৰৰ বিনিময়ত ৫.৭৬ আৰৱ টকাৰ পুৰস্কাৰ ঘোষণা…

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মূৰৰ বিনিময়ত ৫.৭৬ আৰৱ টকাৰ পুৰস্কাৰ ঘোষণা…

ডিজিটেল ডেস্কঃ ইৰানী জেনেৰেল কাছিম চোলেমানীক ইৰাকৰ বাগদাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত মাৰ্কিন সেনাই ড্ৰোণ আক্ৰমণ চলাই হত্যা কৰাৰ পিছতে ক্ৰমাৎ অগ্নিগৰ্ভ হৈ পৰিছে ইৰান-আমেৰিকাৰ পৰিস্থিতি। ইৰানে মছজিদত ৰঙা পতাকা উৰুৱাই আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত দিছে। তাৰ বিপৰীতে আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও মুকলি ভাবুকি প্ৰদান কৰিছে ইৰানক। যদি আমেৰিকান নাগৰিক আৰু সম্পত্তিৰ ক্ষতিসাধন কৰে, তেন্তে অতি কঠোৰ আৰু তৰিৎভাৱে ইৰানৰ ওপৰত আমেৰিকাই আক্ৰমণ চলাব বুলিও সকিয়নী প্ৰদান কৰিছে ট্ৰাম্পে।

ইৰান-আমেৰিকাৰ এনে যুদ্ধংদেহী পৰিস্থিতিৰ মাজতে এইবাৰ ইৰানে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ মূৰৰ ওপৰত ৫.৭৬ আৰৱ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে বুলি বাতৰিত প্ৰকাশ পাইছে। বাতৰি অনুসৰি, ইৰানৰ এই নতুন ঘোষণাৰ পিছতে দুইখন দেশৰ মাজত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে।

প্ৰণিধানযোগ্য যে, ইৰানী জেনেৰেল কাছিম চোলেমানীৰ অন্তিম সৎকাৰৰ সময়ত ইৰানৰ এক সংস্থাইয়ো মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শিৰচ্ছেদ কৰিলে ৮০ মিলিয়ন ডলাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। এই ধন সংগ্ৰহ কৰিবলৈ সংস্থাটোৱে প্ৰতিজন ইৰানী নাগৰিকক ১-১ ডলাৰকৈ দান আগবঢ়াবলৈও আহ্বান জনাইছিল। ইৰানৰ মছাদত জেনেৰেল কাছিম চোলেমানীৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়তে এই ঘোষণা কৰিছিল সংস্থাটোৱে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in